ETV Bharat / state

Lachit divas 2022: লাচিত প্ৰকল্পৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ দাতাৰ মাজত চেক বিতৰণ

টীয়কৰ হোলোঙাপাৰস্থিত লাচিত বৰফুকনৰ সমাধিস্থলত লাচিত দিৱসৰ প্ৰস্তুতি(Lachit diwas celebrated in Teok) ৷ মন্ত্ৰী-বিধায়কৰ উপস্থিতিত বিশেষ সভা অনুস্থিত ৷ লাচিত প্ৰকল্পৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ দাতাক বিতৰণ কৰা হ'ল চেক ৷

author img

By

Published : Nov 20, 2022, 7:33 PM IST

Checks distribution of Lachit project land acquired donors in Teok
Lachit diwas 2022: লাচিত প্ৰকল্পৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ দাতাৰ মাজত চেক বিতৰণ

টীয়ক ,২০ নৱেম্বৰ: সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো উদযাপন কৰা হৈছে জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী(Lachit Divas Celebrate in Assam) ৷ আগ্ৰাসী মোগলক পৰাভূত কৰা অসমৰ সৰ্বকালৰ বীৰ নায়ক তথা জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলা প্ৰশাসন আৰু লাচিত মৈদাম সংৰক্ষণ সমিতিৰ যৌথ উদ্যোগত পূব যোৰহাটৰ হোলোঙাপাৰস্থিত লাচিত মৈদামত সপ্তাহজোৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে (Lachit Borphukan birth anniversary)।

লাচিত প্ৰকল্পৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ দাতাৰ মাজত চেক বিতৰণ

আজি যোৰহাটৰ লাচিত মৈদামৰ প্ৰেক্ষাগৃহত অসম চৰকাৰে জাতীয় বীৰ লাচিতৰ মৈদাম প্ৰাংগণত প্ৰায় ডেৰশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণ আগবঢ়োৱাৰ উদ্দেশ্যৰে এক সভা অনুষ্ঠিত কৰে(Lachit diwas celebrated in Teok) । সভাত প্ৰকল্পটোৰ বাবে ভূমি অধিগ্ৰহণ কৰা লোক তথা পৰিয়ালবৰ্গলৈ আনুষ্ঠানিকভাবে চেক বিতৰণ কৰা হয়(Checks distribution of Lachit project land acquired donors in Teok ) ৷

উক্ত সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ(MP Tapan kr Gogoi) ,ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা(MP Pabitra Margherita) ,কামাখ্যা প্ৰসাদ তাছা ,অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহন(Minister Jogen Mohon) ,মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ ,তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা ,টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, থাওৰাৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই উপস্থিত থাকি জাতীয় বীৰগৰাকীক স্মৰণ কৰে(400 birth anniversary of Lachit Borphukan) ।

যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে আদৰণি ভাষণ আগবঢ়োৱা উক্ত সভাৰ পূৰ্বে বিশিষ্ট ব্যক্তিসকলে লাচিতৰ মৈদামত মৈদাম তৰ্পণ ,লাচিতৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণৰ লগতে আহোম প্ৰথা অনুসৰি পূজা অৰ্চনা কৰা হয় । উক্ত সভাতে অনাগত দিনত নিৰ্মাণ হ'বলগীয়া প্ৰকল্পৰ দৃশ্য ৰাইজৰ আগত আনুষ্ঠানিকভাৱে প্ৰদৰ্শন কৰা হয়(Lachit divas 2022) ।

লগতে পঢ়ক: Radisson Blu Hotel : দিল্লীত আত্মহত্যা ৰেডিছন ব্লু হোটেলৰ মালিকৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.