ETV Bharat / state

টীয়কত অনুষ্টুুপীয়াকৈ লাচিত দিৱস উদযাপন

author img

By

Published : Nov 24, 2020, 12:37 PM IST

আজি লাচিত দিৱস ৷ ঐতিহাসিক লাচিত মৈদামৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগৰ বাবে ৷

টীয়কত অনুষ্টুুপীয়াকৈ লাচিত দিৱস উদযাপন
টীয়কত অনুষ্টুুপীয়াকৈ লাচিত দিৱস উদযাপন

টীয়ক, 24 নৱেম্বৰঃ আজি লাচিত দিৱস ৷ অসমৰ সোনালী ইতিহাসৰ বীৰ যোদ্ধা লাচিত বৰফুকনক সোঁৱৰি সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্যসূচীৰে উদযাপনৰ প্ৰস্ততি চলিছিল। ইয়াৰ ব্যতিক্ৰম নহয় টীয়কৰ লাহদৈগড়স্থিত বীৰ লাচিতৰ সমাধিক্ষেত্ৰ লাচিত মৈদামো। বিভিন্ন কাৰ্যসূচীৰে পবিত্ৰ এই ঐতিহাসিক মৈদামত আয়োজন কৰিছিল লাচিত দিৱসৰ ৷

কিন্তু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সোমবাৰে বিয়লি মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ ৰাজ্য ম্ৰিয়মান হৈ থকাৰ সময়তে আজি মৈদামৰো সমূহ কাৰ্যসূচী বাতিল কৰি কেৱল মৈদাম তৰ্পণ আৰু বীৰ জনাৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰা হয় ৷ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ আত্মাৰ সদ্গতিৰ অৰ্থে সকলো সমবেত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু প্ৰাৰ্থনা আগবঢ়ায়।

লগতে চাওকঃ অসমৰ এক ইতিহাস এই মানুহ জনৰ লগে লগে গুচি গৈছে : ড৹ নগেন শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.