ETV Bharat / state

যোৰহাটত ৰাইজৰ দলৰ ভ্ৰাম্যমাণ বাহন মুকলি

author img

By

Published : Jan 21, 2021, 3:22 PM IST

আগন্তুক বিধানসভা নিৰ্বাচন বাবে পূৰ্ণ প্ৰস্তুতি চলোৱাত পিছ পৰি থকা নাই নৱ-গঠিত আঞ্চলিক ৰাজনৈতিক দলসমূহো। অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলেও ৰাজ্যজুৰি আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷

c-raijor-dol-election-campain
যোৰহাটত ৰাইজৰ দলৰ ভ্ৰাম্যমাণ বাহন মুকলি

যোৰহাট, 21 জানুৱাৰী : অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ এফালে শাসকীয় দলে বিভিন্ন আঁচনি ঘোষণা আৰু উন্নয়নমূলক কামৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে বিৰোধী ৰাজনৈতিক দল সমূহেও বিভিন্ন নিৰ্বাচনী ৰণকৌশল অৱলম্বন কৰি শাসকীয় দলক শ’লঠেকত পেলোৱাৰো প্ৰয়াস কৰিছে ৷

আগন্তুক বিধান সভা নিৰ্বাচন বাবে পূৰ্ণ প্ৰস্তুতি চলোৱাত পিছ পৰি থকা নাই নৱ-গঠিত আঞ্চলিক ৰাজনৈতিক দলসমূহো। অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলেও ৰাজ্যজুৰি আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ ৰাইজৰ মাজলৈ যাবলৈ ব্যাপক প্ৰস্তুতি চলাইছে ৰাইজৰ দলেও।

যোৰহাটত ৰাইজৰ দলৰ ভ্ৰাম্যমাণ বাহন মুকলি

ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ কৰ্মকৰ্তা সকলে ৰাইজৰ মাজত সোমাবলৈ হাতত লৈছে এক ব্যতিক্ৰমী পদক্ষেপ। যোৰহাটত ৰাইজৰ দলে মুকলি কৰিল ভ্ৰাম্যমাণ প্ৰচাৰ অভিযানৰ বাহন।
বৰ্তমান শাসনাধিষ্ঠ বিজেপি চৰকাৰখনক জাতিধ্বংসী বুলি অভিহিত কৰি যোৰহাট জিলাৰ প্ৰতিটো প্ৰান্তৰ ৰাইজৰ মাজত সোমাবলৈ এই পদক্ষেপ হাতত লৈছে যোৰহাট জিলাৰ ৰাইজৰ দলৰ জিলা সমিতিয়ে।

লগতে পঢ়ক: তেজপুৰ বায়ুসেনাৰ ঘাটি শত্ৰু পক্ষক প্ৰতিৰোধ কৰিবলৈ সদা প্ৰস্তুত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.