ETV Bharat / state

AYUSH Pharmacy Institute: আয়ুস ফাৰ্মাচী ইনষ্টিটিউটত ছ'চিয়েল ফাৰ্মাচী বিষয়ক গ্ৰন্থ উন্মোচন - Pharmacy Council of India

আয়ুস ফাৰ্মাচী ইনষ্টিটিউটত গ্ৰন্থ উন্মোচন (AYUSH Pharmacy Institute in Teok)। উন্মোচনী সভাত ইনষ্টিটিউটৰ প্ৰাক্তন অধ্যক্ষ, বৰ্তমানৰ অধ্যক্ষৰ লগতে মুখ্য অতিথি হিচাপে ফাৰ্মাচী কাউন্সিল অৱ ইণ্ডিয়াৰ সদস্যা উপস্থিত থাকে ।

Book released at AYUSH Pharmacy Institute
আয়ুস ফাৰ্মাচী ইনষ্টিটিউট
author img

By

Published : Jan 30, 2023, 3:18 PM IST

আয়ুস ফাৰ্মাচী ইনষ্টিটিউট

টীয়ক, ৩০ জানুৱাৰী: শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ পূৰ্ণ পৃষ্ঠপোষকতাত এবছৰ পূৰ্বে টীয়কৰ চটাইস্থিত দক্ষিণপাট সত্ৰত প্ৰতিষ্ঠা হোৱা আয়ুস ফাৰ্মাচী ইনষ্টিটিউটৰ শিক্ষকৰ সহযোগত প্ৰকাশ কৰা হৈছে এখন ছ'চিয়েল ফাৰ্মাচী বিষয়ক গ্ৰন্থ (Book released at AYUSH Pharmacy Institute ) । আয়ুস ফাৰ্মাচী ইনষ্টিটিউটৰ কেইবাগৰাকী শিক্ষকৰ সহযোগত চিকিৎসা বিজ্ঞানৰ ফাৰ্মাচী বিষয়ত অধ্য়য়নৰ সহায়ক হোৱাকৈ এই ছ'চিয়েল ফাৰ্মাচী বিষয়ক গ্ৰন্থখন প্ৰকাশ কৰা হৈছে । দেওবাৰে এই গ্ৰন্থখন উন্মোচন কৰা হয় ।

আয়ুস ফাৰ্মাচী ইনষ্টিটিউটৰ বাৰ্ষিক খেল-ধেমালি প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাৰ লগত সংগতি ৰাখি এই গ্ৰন্থখন উন্মোচন কৰা হয় (AYUSH Pharmacy Institute at Teok) । দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননীগোপাল দেৱগোস্বামীৰ উপস্থিতিত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । এই গ্ৰন্থ উন্মোচনী সভাত ইনষ্টিটিউটৰ প্ৰাক্তন অধ্যক্ষ ৰত্নাজ্যোতি দাস, বৰ্তমানৰ অধ্যক্ষ পৰিমিতা দাসৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে ফাৰ্মাচী কাউন্সিল অৱ ইণ্ডিয়াৰ সদস্যা সুকীৰ্তি দাস (Annual Sports of AYUSH Pharmacy Institute)। এই গ্ৰন্থখনে সমগ্ৰ ভাৰতবৰ্ষতে ফাৰ্মাচী বিষয়ত অধ্যয়ন কৰা ছাত্ৰ -ছাত্ৰীসকলৰ বাবে উপযুক্ত তথ্যসম্বলিত পাঠ্যপুথি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে বিশিষ্ট ব্যক্তিসকলে ।

ইপিনে, দেশৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰয়োজন সাপেক্ষে অনলাইন যোগে এই গ্ৰন্থখন ক্ৰয়ৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে, এই গ্ৰন্থখন উন্মোচনৰ পূৰ্বে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে এগছি বন্তি জ্বলাই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে । লগতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো পৰিবেশন কৰে । ইয়াৰ সৈতে সংগতি ৰাখি ইনষ্টিটিউটৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাত বঁটাসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় । দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে কয় যে, ইয়াৰ পৰাই দেশৰ নাম উজলাব পৰা শিক্ষাৰ্থীয়ে অধ্য়য়ন কৰি ওলাই যাব । এই ক্ষেত্ৰত তেওঁ সকলোৰে সহযোগিতা কামনা কৰে ।

উল্লেখ্য় যে বৰ্তমান আয়ুস ফাৰ্মাচী ইনষ্টিটিউটখন হৈছে নতুন দিল্লী ফাৰ্মাচী কাউন্সিল অৱ ইণ্ডিয়া (Pharmacy Council of India) আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত প্ৰতিষ্ঠান ৷ উজনি অসমত Diploma in Pharmacy Instituteৰ প্ৰয়োজনীয়তা আটাইতকৈ বেছি ৷ সেইবাবে শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ পৃষ্ঠপোষকতাত এই আয়ুস ফাৰ্মাচী ইনষ্টিটিউটখন প্ৰতিষ্ঠা কৰা হৈছে ।

লগতে পঢ়ক:Culmination of Bharat Jodo Yatra: জম্মু-কাশ্মীৰৰ লাল চ’কত সামৰণি পৰিল কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.