ETV Bharat / state

ঢোলৰ গুমগুমনিত মুখৰিত মৰিয়নী

বিহুৰ ঐতিহ্য পৰম্পৰা কৃষ্টি অতীজৰ নিয়ম অনুসৰি চলাই নিবলৈ অতন্দ্ৰ প্ৰহৰীৰূপে কাম কৰি গৈছে এচাম সংস্কৃতিৱান লোকে । বিহু সুৰক্ষা সমিতিয়ে বিভিন্ন ধৰণে লক্ষ্য ৰাখিছে এই সমূহ বিষয়ৰ ওপৰত আৰু সজাগ কৰিছে ৰাইজক ।

author img

By

Published : Apr 5, 2019, 11:19 PM IST

মৰিয়নীত অতন্দ্ৰ প্ৰহৰী বিহু সুৰক্ষা সমিতিৰ বিহুৰ আখৰা

যোৰহাট, 5 এপ্ৰিলঃ বিহু আহি নঙলা মুখত । ৰঙালীৰ উন্মাদনাক নিৰ্বাচনেও যেন ম্লান কৰিব পৰা নাই । অসমৰ চুকে কোনে বিহুৰ কৰ্মশালা, আখৰাত ব্যস্ত বিহুপ্ৰেমী । কিন্তু তাৰ মাজতে বিহুৰ ঐতিহ্য পৰম্পৰা কৃষ্টি অতীজৰ নিয়ম অনুসৰি চলাই নিবলৈ অতন্দ্ৰ প্ৰহৰীৰূপে কাম কৰি গৈছে এচাম সংস্কৃতিৱান লোকে । বিহু সুৰক্ষা সমিতিয়ে বিভিন্ন ধৰণে লক্ষ্য ৰাখিছে এই সমূহ বিষয়ৰ ওপৰত আৰু সজাগ কৰিছে ৰাইজক । বিহু সুৰক্ষা সমিতি অসম, তিতাবৰ জিলা সমিতিৰ অন্তৰ্গত বাহনী আঞ্চলিক সমিতিৰ উদ্যোগত তিনিদিনীয়া বিহুৰ আখৰা কাৰ্যসূচী অনুষ্ঠিত হয় । মৰিয়নীৰ জংগল ব্লক হাই স্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰা এই বিহুৰ আখৰাত বহু কণ কণ কিশোৰ কিশোৰীৰ পৰা যুৱক যুৱতীয়ে অংশ গ্ৰহণ । এই বিহুৰ আখৰা মূল উদ্দেশ্য আছিল বিহুৰ লগত জড়িত পৰম্পৰা সংস্কৃতিৰ সৈতে উত্তৰ পুৰুষক চিনাকি কৰি দিয়া ।

মৰিয়নীত অতন্দ্ৰ প্ৰহৰী বিহু সুৰক্ষা সমিতিৰ বিহুৰ আখৰা
উক্ত অনুষ্ঠানত প্ৰশিক্ষণৰ ভাৰ গ্ৰহণ কৰে সমীৰ ৰঞ্জন শইকীয়া আৰু কৰৱী গগৈ দলে । সম্পাদক নগেন গগৈৰ পৰিচালনাত অনুষ্ঠিত বিহু আখৰা ভাগ উন্মোচন কৰে জ্যেষ্ঠ বিহুৱা হুঁচৰি দলে । পৰৱৰ্তী কাৰ্যসূচী হিচাপে পৰম্পৰাগত গুৰুসেৱা কাৰ্যসূচী অনুষ্ঠিত হয় । জ্যেষ্ঠ ১৫ জন বিহুৱাক আখৰা থলীত সম্বৰ্ধনা জনোৱা হয় । এই আখৰা থলীতেই একালৰ বিহুৰাণী কৰৱী গগৈ দলে পেঁপা বাদনৰ জৰিয়তে উপস্থিত লোকক মোহিত কৰে ।

Intro:বিহুৰ ঐতিহ্য পৰম্পৰা কৃষ্টি অতীজৰ নিয়ম অনুসৰি চলাই নিবলৈ অতন্দ্ৰ প্ৰহৰী বিহু সুৰক্ষা সমিতিৰ বিহুৰ আখৰা: বিহুৰাণী পেঁপাবাদনে মুহিলে ৰাইজক।Body:Mariani Rongali Bihu

বিহুৰ ঐতিহ্য পৰম্পৰা কৃষ্টি অতীজৰ নিয়ম অনুসৰি চলাই নিবলৈ অতন্দ্ৰ প্ৰহৰী বিহু সুৰক্ষা সমিতিৰ বিহুৰ আখৰা: বিহুৰাণী পেঁপাবাদনে মুহিলে ৰাইজক।

ৰঙালী বিহু আহি নঙলা মুখত । ৰঙালীৰ উন্মাদনাক নিৰ্বাচনেও যেন ম্লান কৰিব পৰা নাই। অসমৰ চুকে কোনে বিহুৰ কৰ্মশালা, আখৰাত ব্যস্ত বিহুপ্ৰেমী। কিন্তু তাৰ মাজতে বিহুৰ ঐতিহ্য পৰম্পৰা কৃষ্টি অতীজৰ নিয়ম অনুসৰি চলাই নিবলৈ অতন্দ্ৰ প্ৰহৰীৰূপে কাম কৰি গৈছে এচাম বিহু প্ৰেমী ৰাইজে। বিহু সুৰক্ষা সমিতিয়ে বিভিন্ন ধৰণে লক্ষ্য ৰাখিছে এই সমূহ বিষয়ৰ ওপৰত আৰু সজাগ কৰিছে ৰাইজক। বিহু সুৰক্ষা সমিতি অসম, তিতাবৰ জিলা সমিতিৰ অন্তৰ্গত বাহনী আঞ্চলিক সমিতিৰ উদ্যোগত তিনিদিনীয়া এক বিহুৰ আখৰা কাৰ্যসূচী অনুষ্ঠিত হয়। মৰিয়নীৰ জঙ্গল ব্লক হাই স্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰা এই বিহুৰ আখৰাত বহু কণ কণ কিশোৰ কিশোৰীৰ পৰা যুৱক যুৱতীয়ে অংশ গ্ৰহণ। এই বিহুৰ আখৰা মূল উদ্দেশ্য আছিল বিহুৰ লগত জড়িত পৰম্পৰা সংস্কৃতিৰ সৈতে উত্তৰপুৰুষক চিনাকি কৰি দিয়া। সাতমপুৰুষীয়া বিহু সংস্কৃতি বৰ্তমান সময়ত যি----- ৰূপ পাইছেগৈ তাৰপৰা অসমৰ যুৱচামক আঁতৰাই বিহুৰ পৰম্পৰা সংস্কৃতিৰ আদর্শ দেখুৱাইছে। বিহুৰ দীক্ষা দিয়াতকৈ প্ৰচলিত ৰীতি নীতিক কেনেদৰে সংৰক্ষণ কৰি ৰাখিব পাৰি সেই প্ৰচেষ্টাৰ জ্যেষ্ঠ সকলে যুৱ চামক হাতে কামে দেখুৱাই বিহু সাংস্কৃতিক অক্ষুন্ন ৰখাত যত্নবান হৈছে।
উক্ত অনুষ্ঠানত প্ৰশিক্ষণৰ ভাৰ গ্ৰহণ কৰে সমীৰ ৰঞ্জন শইকীয়া আৰু কৰৱী গগৈ দলে। সম্পাদক নগেন গগৈৰ পৰিচালনাত অনুষ্ঠিত বিহু আখৰা ভাগ উন্মোচন কৰে জ্যেষ্ঠ বিহুৱা হুঁচৰি দলে। পৰৱৰ্তী কায্যসূচী হিচাপে পৰম্পৰাগত গুৰুসেৱা কায্যসূচী অনুষ্ঠিত হয়। জ্যেষ্ঠ ১৫ জন বিহুৱাক আখৰা থলীত সম্বৰ্ধনা জনোৱা হয়। এই আখৰা থলীতেই একালৰ বিহুৰাণী কৰৱী গগৈ দলে পেঁপা বাদনৰ জৰিয়তে উপস্থিত লোকক মোহিত কৰে।

Bite :- Nogen Gogoi
Ranjit Borah
MarianiConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.