টীয়ক,12 এপ্ৰিলঃ বৰলুইত হুঁচৰি দলৰ অনন্য প্ৰয়াস ৷ বিহুৰ সমান্তৰালকৈ অসমৰ গ্ৰাম্য জীৱনত ব্যৱহৃত সামগ্ৰী প্ৰদৰ্শনৰ যো-জা দলটোৰ ৷
অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো দুটা দিন বাকী । সেয়েহে ৰঙালী বিহুক আদৰাৰ বাবে এতিয়া সাজু প্ৰতিজন অসমীয়া ৷ সমান্তৰালকৈ নিৰ্বাচনী বতাহৰ মাজতেই অসমীয়াৰ হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতিত ব্যস্ত এজাক তৰুণ প্ৰজন্ম । বিহু প্ৰদৰ্শনৰ লগতে অসমৰ গ্ৰাম্য জীৱনত ব্যৱহৃত বৰ্তমান সমাজৰ পৰা ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হোৱা কেতবোৰ সামগ্ৰী প্ৰদৰ্শনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে টীয়কৰ এক অগ্ৰণী হুঁচৰি দল বৰলুইত হুঁচৰি দলে । সুদীৰ্ঘ নটা বছৰ বিহু বলীয়া ডেকা-গাভৰু একেলগ হৈ অসমৰ বিভিন্ন অঞ্চলত বিহু প্ৰদৰ্শন কৰা দলটোৱে এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ বাবে এতিয়া সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৰাইজৰ ।