ETV Bharat / state

মৰিয়নীবাসীয়ে স্পষ্ট কৰিব অসমৰ ৰাজনীতিৰ ভৱিষ্যৎ : ভূপেন বৰা - অখিল গগৈ

মৰিয়নী সমষ্টিত উপস্থিত হৈ ভূপেন বৰাই ক'লে, ক্ষমতা কেন্দ্ৰিক, ব্যক্তিৰ স্বাৰ্থ আৰু ধনসৰ্বস্ব ৰাজনীতিক বিশ্বাস কৰা মানুহক যদি ৰাইজে বিজয় মালা পিন্ধাই তেন্তে ইয়াৰ পৰাই অসমৰ ৰাজনীতিৰ এক অপসংস্কৃতি সৃষ্টি হ'ব ৷

bhupen bora
মৰিয়নীবাসীয়ে স্পষ্ট কৰিব অসমৰ ৰাজনীতিৰ ভৱিষ্যৎ
author img

By

Published : Aug 25, 2021, 10:42 PM IST

যোৰহাট, 25 আগষ্ট : উপ-নিৰ্বাচনৰ মন্ত্ৰণা লৈ বুধবাৰে মৰিয়নী সমষ্টিত উপস্থিত হ'ল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ এই উপলক্ষে আয়োজন কৰা এখন সভাত ভূপেন বৰাই কয়, বিশ্বাসঘাতকতাৰ উচিত প্ৰত্যুত্তৰ দিব মৰিয়নীবাসীয়ে ৷ মৰিয়নীৰ উপ-নিৰ্বাচনতে স্পষ্ট হ'ব অসমৰ ৰাজনীতিৰ ভৱিষ্যৎ ৷

মৰিয়নীবাসীয়ে স্পষ্ট কৰিব অসমৰ ৰাজনীতিৰ ভৱিষ্যৎ

মৰিয়নীবাসীয়ে আহি থকা সময়ত এটা বাৰ্তা দিব লাগিব যে, অসমৰ ভৱিষ্যতৰ ৰাজনীতি কেনেকুৱা হ'ব লাগে ৷ নীতিক লৈ ৰাজনীতি হ'ব, আঞ্চলিকতাবাদ, জাতীয়তাবাদ, ৰাষ্ট্ৰীয়তাবাদ, ধৰ্ম নিৰপেক্ষতাবাদৰ ৰাজনীতি হ'ব নে সুবিধাবাদৰ ৰাজনীতি হ'ব ৷ আগন্তুক সময়ত এই কথাৰ স্পষ্টতা মৰিয়নীবাসীয়ে দিব ৷ সাংবাদিকৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰে ভূপেন বৰাই ৷

লগতে পঢ়ক: উপ-নিৰ্বাচন: সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে থাওৰাত যুদ্ধ ঘোষণা ভূপেন বৰাৰ

বৰাই লগতে কয়, ক্ষমতা কেন্দ্ৰিক, ব্যক্তিৰ স্বাৰ্থ আৰু ধনসৰ্বস্ব ৰাজনীতিক বিশ্বাস কৰা মানুহক যদি ৰাইজে বিজয় মালা পিন্ধাই তেন্তে ইয়াৰ পৰাই অসমৰ ৰাজনীতিৰ এক অপসংস্কৃতি সৃষ্টি হ'ব ৷ গতিকে মৰিয়নীবাসীয়ে এনেধৰণৰ সকলো কথা চিন্তা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে ভূপেন বৰাই ৷

ইফালে ৰাইজৰ দলৰে হোৱা গোপন বৈঠকৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্ন উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয়, অখিল গগৈৰ সৈতে বহু কথাত মন মিলিছে ৷ অখিল গগৈয়ে যিবোৰ কথা কৈছে সেই কথাবোৰ বেয়া নহয় ৷ দলৰ কথা সুকীয়া, দলীয় সিদ্ধান্ত সমূহ পৰৱৰ্তী সময়ত গ্ৰহণ কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে ভূপেন বৰাই ৷

লগতে পঢ়ক: টীয়ক সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰে ভূপেন বৰাৰ সাংগঠনিক বৈঠক

উল্লেখ্য যে, মৰিয়নীৰ সোণোৱাল চাহ বাগিচাৰ প্ৰেক্ষাগৃহত কেইবাশতাধিক দলীয় কৰ্মকৰ্তাৰ উপস্থিত কংগ্ৰেছৰ এখন সভা অনুষ্ঠিত হয় ৷ সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰাণা গোস্বামী আদি উপস্থিত থাকে ৷

লগতে পঢ়ক: পুনৰ হাগ্ৰামা মহিলাৰীৰ হাতলৈ যাব পাৰে বড়ো ভূমিৰ শাসনৰ বাঘজৰী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.