ETV Bharat / state

2023 বৰ্ষৰ ভোগদৈপৰীয়া সাহিত্য বঁটা কবি-নাট্যকাৰ অখিল চক্রৱর্তীলৈ - ভোগদৈপৰীয়া কবিকণ্ঠ

Bhugdoiporia Sahitya Award 2023: 2023 বৰ্ষৰ 'ভোগদৈপৰীয়া সাহিত্য বঁটা' কবি-নাট্যকাৰ ড০ অখিল চক্রৱর্তীলৈ ৷ বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্রাক্তন প্রধান সম্পাদক, অভিধান প্রণেতা ড০ বসন্ত কুমাৰ গোস্বামীয়ে ।

Bhugdoiporia Sahitya Award 2024 CONFERRED to Akhil chakrabarty
2023 বৰ্ষৰ ভোগদৈপৰীয়া সাহিত্য বঁটা কবি-নাট্যকাৰ অখিল চক্রৱর্তীলৈ
author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 7:19 AM IST

যোৰহাট, 17 জানুৱাৰী: 'ভোগদৈপৰীয়া কবিকণ্ঠ'ই 2023 বৰ্ষৰ 'ভোগদৈপৰীয়া সাহিত্য বঁটা' প্ৰদান কৰে কবি-নাট্যকাৰ ড০ অখিল চক্রৱর্তীক ৷ অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত কৰা এক অনুষ্ঠানত এই বঁটা চক্রৱর্তীলৈ প্ৰদান কৰা হয় ৷ বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্রাক্তন প্রধান সম্পাদক, অভিধান প্রণেতা ড০ বসন্ত কুমাৰ গোস্বামীয়ে । "ভোগদৈ পাৰত জন্মগ্ৰহণ কৰাৰ বাবে ভোগদৈ নামটোৰ প্রতি মোৰ এক বিশেষ আকর্ষণ আছে । সেয়ে 'ভোগদৈপৰীয়া সাহিত্য বঁটা-2023ৰ বাবে মোক নির্বাচন কৰাৰ বাবে মই পুলকিত হৈ পৰিছোঁ । লগতে এই বঁটা গ্ৰহণ কৰি মই এক বিশেষ আনন্দ লাভ কৰিছোঁ "- বঁটা গ্ৰহণ কৰি এইদৰে মনৰ ভাব ব্যক্ত কৰে ড০ অখিল চক্রৱর্তীয়ে ৷

'ভোগদৈপৰীয়া কবিকণ্ঠ'ই লাৱণ্য দত্ত হাজৰিকা আৰু বোধেশ্বৰ হাজৰিকাৰ স্মৃতিত আগবঢ়াইছে এই বৰ্ষৰ 'ভোগদৈপৰীয়া সাহিত্য বঁটা ৷ অসম নাট্য সন্মিলনৰ প্রাক্তন সম্পাদক (1984-90), প্রাক্তন সভাপতি (2009-10) আছিল বিশিষ্ট নাট্যকাৰ-পৰিচালক, কবি-গল্পকাৰ-ঔপন্যাসিক ড০ অখিল চক্রৱর্তী । এই বঁটাটিত আছে নগদ পাঁচ হাজাৰ টকা, এটি স্মাৰক, চেলেং, গামোচা, সঁফুৰা, ফুলাম জাপি, গ্ৰন্থৰ টোপোলাসহ এখন সম্বর্ধনা পত্র । বঁটা প্রদান কৰি অসম সাহিত্য সভাৰ প্রাক্তন প্রধান সম্পাদক, অভিধান প্রণেতা ড০ বসন্ত কুমাৰ গোস্বামীয়ে কয়, "এনে বঁটাৰ বিশেষ মর্যাদা আছে । কাৰণ এই বঁটাটিৰ বাবে উদ্যোক্তাই আবেদন বিচৰা নাছিল বা এই বঁটা লাভৰ বাবে টকা-পইচা খৰচ কৰিব লগাও হোৱা নাই । এনে বঁটাই লওঁতা আৰু দিওঁতা দুয়োৰে মান বৃদ্ধি কৰে ।"

কবি-নিবন্ধকাৰ ড০ জ্যোতিৰেখা হাজৰিকা আৰু কবি দেৱজিৎ গোস্বামীয়ে আঁত ধৰা তথা লেখক-সাংবাদিক অজন্ত কুমাৰ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোৰ প্রাৰম্ভতে বন্তি-প্ৰজ্বলন কৰে বিশিষ্ট আবৃত্তিকাৰ শান্তিছায়া শইকীয়াই । প্রাঞ্জল কুমাৰ খাউণ্ডে বঁটাপ্রাপকৰ জীৱন কর্মৰ আলোকপাত কৰা‌ অনুষ্ঠানটিত দৰ্শনা বৰঠাকুৰ আৰু সঙ্গীসকলৰ দ্বাৰা নাট্যকাৰগৰাকীৰ দুখন নাটকৰ নির্বাচিত কিছু অংশৰ অভিনয় প্ৰদৰ্শিত হয় । যোৰহাট জিলা কবি সন্মিলন, যোৰহাট মহানগৰ কবি সন্মিলন, অসম লেখিকা সংন্থা, যোৰহাট লেখিকা সংন্থা, যোৰহাট জিলা লেখিকা সমাৰোহ সমিতি, যোৰহাট জিলা সাহিত্য সভা আদিৰ লগতে স্থানীয় বহু লোক উপস্থিত থাকে বঁটা প্ৰদান অনুষ্ঠানটিত ৷

লগতে পঢ়ক: শিষ্টাচাৰ নাজানে মুখ্যমন্ত্ৰীয়ে; বিধায়ক অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.