ETV Bharat / state

মৌপালনেৰে স্বাৱলম্বী হোৱা টীয়কৰ এজন লোক - টীয়কত মৌপালন

যোৰহাট জিলাৰ টীয়কৰ পিড়াকটা বাইলুং গাঁৱৰ প্ৰদীপ ফুকন নামৰ লোকজনে নিজ বাসগৃহতে কৰিছে মৌ-মাখিৰ প্ৰতিপালন ৷ নিজৰ সাঁচতীয়া ধনেৰে বহু কষ্টৰে মৌপালন কৰিছে লোকজনে ৷

teok bee farm
মৌপালনেৰে স্বাৱলম্বী হোৱা টীয়কৰ এজন লোক
author img

By

Published : Jan 31, 2021, 6:14 PM IST

টীয়ক,31 জানুৱাৰী : যি সময়ত ৰাজ্যৰ উঠি অহা চামৰ মাজত কৰ্মসংস্থাপনৰ অভাৱে কিছু হতাশা কঢ়িয়াইছে, সেই সময়তে যোৰহাট জিলাৰ টীয়কৰ এজন লোকৰ এক প্ৰচেষ্টাই আশাৰ বতৰা কঢ়িয়াই আনিছে নিবনুৱা চামলৈ ৷ মৌপালনেৰে যে মানুহ স্বাৱলম্বী হ’ব পাৰি আৰু নিজ পৰিয়াললৈ আৰ্থিক দৈন্যতা কিছু পৰিমাণে হ’লেও দূৰ কৰিব পাৰি, এই কথা বহু সময়তে ভবা নহয় ৷

মৌপালনেৰে স্বাৱলম্বী হোৱা টীয়কৰ এজন লোক

কিন্তু টীয়কৰ পিড়াকটা বাইলুং গাঁৱৰ প্ৰদীপ ফুকন নামৰ লোকজনে নিজৰ শ্ৰমেৰে নিজ বাসগৃহতে প্ৰায় 100টা বাহত মৌ-মাখিৰ প্ৰতিপালন কৰিছে ৷ অসম চৰকাৰৰ কৃষি বিভাগৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা এইজন চহা কৃষকে নিজৰ সাঁচতীয়া ধনেৰে বহু কষ্টৰে মৌপালন কৰি আছে ৷

ব্যৱসায়ীকভাৱে প্ৰচুৰ সম্ভাৱনা থকা এইসমূহ থলুৱা উদ্যোগলৈ চৰকাৰে পৰ্যাপ্ত সুবিধা প্ৰদান কৰিলে অসমৰ একপ্ৰকাৰ ভাঙি পৰা গ্ৰাম্য অৰ্থনীতিলৈ এক সজীৱতা আহিব ৷ ইয়াৰ লগতে যদি মৌপালনৰ ওপৰত বিশেষকৈ যুৱ চামৰ মাজলৈ যদি এক সজাগতা আনি যুৱচামক এই মৌপালনৰ সৈতে জড়িত কৰিব পৰা যায়, তেন্তে ৰাজ্যত কিছু পৰিমাণে হ’লেও নিবনুৱা সমস্যাৰ সমাধান হ’ব ৷

লগতে পঢ়ক : যোৰহাটত কেন্দ্ৰীয় ভাৱে 'মে-ডাম-মে-ফী' উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.