ETV Bharat / state

তিতাবৰত অত্যাধুনিক এগ্ৰ' ৰাইচ মিল উদ্বোধন - কৃষি মন্ত্ৰী অতুল বৰা

বৃহস্পতিবাৰে যোৰহাটৰ তিতাবৰত কৃষি মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰিলে অত্যাধুনিক এগ্ৰ' ৰাইচ মিল । তিতাবৰৰ জালুকবাৰী কুণ্ডাৰ গাঁৱত স্থাপন কৰা হৈছে ৰাইচ মিলটো ।

তিতাবৰত কৃষি মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰিলে অত্যাধুনিক এগ্ৰ' ৰাইচ মিল

author img

By

Published : Apr 8, 2021, 8:35 PM IST

তিতাবৰ, ৮ এপ্ৰিল: যোৰহাটৰ তিতাবৰৰ জালুকবাৰী কুণ্ডাৰ গাঁৱত স্থাপন কৰা হৈছে অত্যাধুনিক এগ্ৰ' ৰাইচ মিল । বৃহস্পতিবাৰে ৰাইচ মিলটো উদ্বোধন কৰে কৃষি মন্ত্ৰী অতুল বৰাই । ২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই ৰাইচ মিলটো ।

এই অত্যাধুনিক ৰাইচ মিলৰ জৰিয়তে অসমৰ কৃষক সকলক বিশেষভাৱে উপকৃত হ'ব বুলি মন্তব্য কৰে কৃষি মন্ত্ৰীগৰাকীয়ে । অসমত ভৱিষ্যতে অত্যাধুনিক ৰাইচ মিল স্থাপনৰ ক্ষেত্ৰত চৰকাৰে বিশেষভাৱে সাহায্য প্ৰদান কৰিব বুলিও মন্তব্য কৰে মন্ত্রীগৰাকীয়ে ।

তিতাবৰত কৃষি মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰিলে অত্যাধুনিক এগ্ৰ' ৰাইচ মিল

তেওঁ কয় যে, অসমত ধান পৰ্যাপ্ত পৰিমাণে উৎপাদিত হোৱাৰ পিছতো ৰাইচ মিলৰ অভাৱৰ বাবে কৃষকসকল লাভান্বিত হ'বলৈ সক্ষম হোৱা নাই । আনহাতে, অসমত চৰকাৰ গঠনৰ প্ৰসংগত তেওঁ দাবী কৰে যে, এইবাৰ অসমত বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাটো ১০০ শতাংশ নিশ্চিত ।

লগতে পঢ়ক:ৰঙালী বিহুলৈ কেইটামান দিন: উচাহ নাই ঢোল বিক্রেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.