ETV Bharat / state

Ripun Bora In Jorhat: ভোট বেংক ৰক্ষাৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম কৰিছে বিজেপিয়ে; ৰিপুন বৰা

author img

By

Published : Jun 26, 2023, 9:09 PM IST

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদমেল ৷ ভোট বেংক ৰক্ষাৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম কৰিছে বিজেপিয়ে বুলি মন্তব্য কৰে নেতাজনে ৷

Assam TMC Chief Ripun Bora Press Meet
যোৰহাটত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদমেল

যোৰহাট, 26 জুন: যোৰহাটত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদমেল ৷ অজগৰৰ মুখত সোমাই পৰিছে অসম গণ পৰিষদ, এই মন্তব্য ৰিপুন বৰাৰ ৷ লগতে ভোট বেংক ৰক্ষাৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম কৰিছে বিজেপিয়ে বুলিও মন্তব্য কৰে নেতাজনে ৷

সংবাদমেলত তৃণমূল কংগ্ৰেছৰ নেতাজনে কয় যে, বিজেপিৰ নাও ক্ৰমাৎ ডুবিবলৈ আৰম্ভ কৰিছে ৷ 2024 ৰ লোকসভা নিৰ্বাচন আৰু 2026ৰ বিধানসভাৰ নিৰ্বাচনক লক্ষ্য কৰি বিজেপিয়ে ততাতৈয়াকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ লগতে ভোট বেংক তৈয়াৰ কৰিবৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম কৰিছে বিজেপিয়ে ৷ 2026 ত সমগ্ৰ দেশ জুৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম হ’ব ৷ তেনেস্থলত ইমান ততাতৈয়াকৈ ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণৰ কি যুক্তি আছে বুলি প্ৰশ্ন কৰে তেওঁ ৷ ৰাজ্যত এই প্ৰক্ৰিয়া ততাতৈয়াকৈ কৰাতো সাংবিধানিক নহয় বুলিও কয় তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷

ৰিপুন বৰাই লগতে কয় যে, 2004 বৰ্ষত সমগ্ৰ দেশত সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম হৈছিল আৰু অসমতো হৈছিল ৷ তেতিয়া সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ হ’ল আৰু সিদ্ধান্ত হ’ল যে এন আৰ চিৰ কাম সম্পূৰ্ণ নোহোৱালৈকে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম নহয় ৷ সেইবাবে অসমত তেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম নহ’ল ৷ কিন্ত এন আৰ চিৰ সমস্যা অসমত এতিয়াও সমাধান হোৱা নাই ৷ তেনেস্থলত কি যুক্তিত ততাতৈয়াকৈ এই কাম কৰা হৈছে, ই এক প্ৰশ্নৰ বিষয় বুলি কয় নেতাজনে ৷

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে, এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা নিৰ্বাচন আয়োগে নিজে কৰা নাই ৷ ই হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিৰ ঠাঁৰত ৷ নিৰ্বাচন আয়োগে স্বতন্ত্ৰতা বিসৰ্জন দি পুতলাৰ দৰে কাম কৰিছে ৷ এটা সমষ্টিৰ লগত সেই সমষ্টিৰ ৰাইজৰ আবেগ জড়িত হৈ থাকে ৷ এটা সমষ্টিৰ ইতিহাস থাকে ৷ এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত জনগাঁথনি দুৰ্বল হৈ পৰিব ৷ এই প্ৰক্ৰিয়াৰ ফলত ক্ষমতা মানুহৰ হাতৰ পৰা কাঢ়ি লোৱা হ’ব ৷ ৰাইজক ৰাজনৈতিক ভাবে দুৰ্বল কৰি পেলোৱা হ’ব বুলি মন্তব্য কৰে তেওঁ ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে খিলঞ্জীয়াৰে সমৃদ্ধ বহু সমষ্টি বিলুপ্ত হৈছে বুলি কৈ তেওঁ আৰু কয় যে, বিভিন্ন জনগোষ্ঠী সমূহক দুৰ্বল কৰি ভাগ ভাগ কৰি পেলাইছে এই খচৰাই ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে সমষ্টিৰ সংখ্যা বাঢ়ে ৷ 1951 চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত অসমত সমষ্টিৰ সংখ্যা 80/85 ৰ পৰা বৃদ্ধি পালে 126 লৈ ৷ কিন্তু এইবাৰ সমষ্টি বৃদ্ধি নহৈ একেই থাকিল ৷ বৰঞ্চ বহু খিলঞ্জীয়াৰ বসতি প্ৰধান সমষ্টি বিলুপ্ত কৰা হ’ল ৷

আনহাতে সংবাদমেলত অসম গণ পৰিষদ দলক তাচ্ছিল্য কৰি ৰিপুন বৰাই কয় যে, বিজেপি দলে অসম গণ পৰিষদ দলক বৃহৎ পুৰস্কাৰ দিছে ৷ সেই কথা অসম গণ পৰিষদ দলে বুজি পোৱা নাই ৷ অসম গণ পৰিষদ দল অজগৰৰ মুখত প্ৰৱেশ কৰিছে ৷ বিজেপিয়ে অসম গণ পৰিষদ দলক গ্ৰাস কৰি পেলাইছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে বিজেপি দলে অসম গণ পৰিষদক নোহোৱা কৰি পেলাইছে ৷ সেয়াই অসম গণ পৰিষদলৈ বৃহৎ উপহাৰ বিজেপিৰ বুলি কয় তেওঁ ৷

লগতে পঢ়ক: Congress joining program: "বিধান সভাৰ সমষ্টিসমূহ মুখ্যমন্ত্ৰীৰ পৈতৃক সম্পত্তি নেকি?"- ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.