যোৰহাট, 2 অক্টোবৰ: "অসমত বসবাস কৰা 60 % কৈও অধিক জনসংখ্যাৰে অন্যান্য পিছপৰা শ্ৰেণী অৰ্থাৎ OBC এটা বৃহৎ শক্তি হোৱাৰ পাছতো আইনসংগতভাবে পাব লগা সুবিধাসমূহৰ পৰা আজিও বঞ্চিত হৈ আহিছে " দেওবাৰে এই সন্দৰ্ভত এখন সংবাদ মেলৰ আয়োজন কৰে অসম ৰাজ্যিক অ'বি চি সংঘই ৷ সংঘৰ সাধাৰণ সম্পাদক ৰেব সন্দিকৈয়ে কয়, "এই সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰীকে প্ৰমুখ্য কৰি অন্যান্য পিছপৰা শ্ৰেণীৰ সৈতে জড়িত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ মন্ত্রী, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অন্যান্য পিছপৰা শ্ৰেণী আয়োগৰ অধ্যক্ষ, সাংসদ আৰু বিধায়কসকলে অন্যান্য পিছপৰা শ্ৰেণীৰ ৰাইজে আইনসংগতভাবে পাব লগা সুবিধাসমূহ লাভ কৰাৰ ক্ষেত্ৰত আজিকোপতি বিশেষ ভূমিকা গ্ৰহণ কৰা নাই । শিক্ষাৰ ক্ষেত্ৰত বৰ্তমানলৈকে সম্পূৰ্ণকৈ 27% সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰিবৰ বাবে অসমৰ অন্যান্য পিছপৰা শ্ৰেণীৰ বৃহৎ সংগঠন অসম ৰাজ্যিক অ'বি চি সংঘই চৰকাৰক দাবী জনোৱাৰ লগতে স্থানীয় নিগম, নিকায় আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা বাধ্যতামূলক কৰিবৰ বাবে দাবী জনাই আহিছে । কিন্তু এই ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো অতি দুৰ্ভাগ্যজনক ।"
দেওবাৰে যোৰহাট প্ৰেছ ক্লাৱত অসম ৰাজ্যিক অ বি চি সংঘৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ পাছত এক সংবাদমেল সম্বোধন কৰি এইদৰে উল্লেখ কৰাৰ লগতে সংঘৰ সাধাৰণ সম্পাদক ৰেব সন্দিকৈয়ে কয় যে, OBC ৰ বাবে জাতি গণনা, পৃথক মন্ত্ৰণালয়, উন্নীত অংশৰ ব্যৱস্থা বিলুপ্তিকৰণ, সংৰক্ষণৰ বাবে থকা 50% সীমাৰেখা বিলোপ সাধন, ন্যায়পালিকাত সংৰক্ষণৰ ব্যৱস্থা কৰা, সংৰক্ষণৰ ভিত্তিত কৰ্মচাৰীসকলৰ পদোন্নতিৰ ব্যৱস্থা কৰিবৰ বাবে সংঘই দাবী উত্থাপন কৰি আহিছে । তদুপৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অন্যান্য পিছপৰা শ্ৰেণীৰ কৰ্মচাৰী, অসমৰ ছাত্ৰ ছাত্ৰী তথা অন্যান্য পিছপৰা শ্ৰেণী ন্যায্য প্ৰাপ্তৰ পৰা বঞ্চিত হৈ অহাৰ উপৰিও মণ্ডল আয়োগৰ প্ৰতিবেদনত উল্লেখ কৰা বিভিন্ন সুবিধাসমূহৰ ক্ষেত্ৰতো আগবাঢ়ি যাবলৈ সক্ষম হোৱা নাই ।
তদুপৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ কৰ্মচাৰীসকল পদোন্নতিৰ ক্ষেত্ৰতো বঞ্চিত হৈ আহিছে বুলি দাবী কৰে সংঘই । আনহাতে সংবাদমেলৰ জৰিয়তে সংঘই আগন্তুক জানুৱাৰী মাহৰ ভিতৰত গুৱাহাটী অথবা ডিব্ৰুগড়ত সংঘৰ অভিৱৰ্তন অনুষ্ঠিত কৰাৰ বিষয়ে উল্লেখ কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, নগাঁও, কাজিৰঙা সমষ্টিৰ বাবে OBC শ্ৰেণীৰ লোকক প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে দাবী উত্থাপন কৰে ।
লগতে পঢ়ক: Mission Bashundhara 2.0: মিছন বসুন্ধৰা 2 ৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে মৰিগাওঁত মন্ত্ৰী কেশৱ মহন্ত