ETV Bharat / state

আনলক্ 3 প্ৰযোজ্য হোৱাৰ পাছত যোৰহাট চহৰৰ দৃশ্য - স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

যোৰহাটত প্ৰযোজ্য আনলক 3 ৷ আনলক 3 ৰ নিয়ম অনুসৰি, পুৱাৰ পৰা নিশালৈকে ব্যবসায় প্ৰতিষ্ঠান খোলৰ অনুমতি প্ৰশাসনৰ ৷

Assam: lockdown Abolised in Jorhat district
যোৰহাটত প্ৰযোজ্য আনলক 3
author img

By

Published : Aug 17, 2020, 5:45 PM IST

যোৰহাট, 17 আগষ্ট : মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে সমগ্ৰ দেশজুৰি বলবৎ কৰা হৈছিল লক্ ডাউন ৷ শেহতীয়াকৈ লক ডাউন পূৰ্বতকৈ বহু পৰিমানে শিথিল হৈছে যদিও ৰাজ্যত কৰ'ণা ভাইৰাছে গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰা অঞ্চলসমূহত পুনৰ লক্ ডাউন ঘোষণা কৰা হৈছিল ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে যোৰহাট জিলাতো প্ৰশাসনে পুনৰ লক ডাউন ঘোষণা কৰিছিল ৷

Assam: lockdown Abolised in Jorhat district
যোৰহাটত প্ৰযোজ্য আনলক 3
Assam: lockdown Abolised in Jorhat district
যোৰহাটত প্ৰযোজ্য আনলক 3

সোমবাৰৰ পৰা যোৰহাট জিলাত প্ৰযোজ্য হ'ল আনলক 3 ৷ আনলক 3 ৰ নিয়ম অনুসৰি, সোমবাৰৰ পৰা জিলাখনত সকলো অনুষ্ঠান-প্ৰতিষ্ঠান খোলাৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে ৷ যাৰবাবে সোমবাৰে চহৰখনত ব্যাপক যান-যট সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ লগতে, পুৱাৰ পৰা নিশা 9 বজালৈ ব্যবসায়-প্ৰতিষ্ঠান খোলাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে ৷ আনকি, যানবাহন সমূহৰ ক্ষেত্ৰতো শিথিলতা অনা বুলি প্ৰশাসনে জানিবলৈ দিয়ে ৷ ইফালে, আনলক্ 3 প্ৰযোজ্য হোৱাৰ পিচতে চহৰখনত জনসাধাৰণে সামাজিক দূৰত্ব মানি নচলাৰ অভিযোগ উখাপন হৈছে ৷

যোৰহাটত প্ৰযোজ্য আনলক 3

উল্লেখ্য যে, 16 আগষ্টত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি, অসমত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 76875 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 55215 গৰাকী ৷ চিকিৎসাধীন ৰোগীৰ সংখ্যা 21468 গৰাকী আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা 189 গৰাকী ৷ একেদৰে, যোৰহাট জিলাত কৰ'ণা ৰোগীৰ সংখ্যা 3338 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 1752 গৰাকী ৷ মৃত্যু হোৱা ৰোগীৰ সংখ্যা 10 গৰাকী ৷

লগতে পঢ়ক : নগাঁৱৰ কঠিয়াতলীত দহ বছৰীয়া কন্যাৰ সন্মুখত হত্যা মাতৃক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.