নিউজ ডেস্ক, 24 নৱেম্বৰ : মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে গায়ক-সংগীত ব্যৱস্থাপক তথা ৰাজ্যিক শিল্পী পেঞ্চন প্ৰাপ্ত ৰজনী বৰদলৈয়ে ৷ বৰদলৈয়ে 83 বছৰ বয়সত যোৰহাটৰ 2 নং তাৰাজান সোণাৰীগাঁৱৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৷ বৰদলৈয়ে মৃত্যুৰ সময়ত ইহ-সংসাৰত পত্নী, এগৰাকী কন্যা আৰু বহু সংখ্যক আত্মীয়ক এৰি থৈ যায় ৷
উল্লেখ্য যে, স্বৰ্গীয় ৰজনী বৰদলৈ 1943 চনত ভাৰতৰ থিয়েটাৰ শিল্পী সকলকলৈ গঠিত স্থাপিত Indian People’s Theatre Association ৰ এগৰাকী সদস্য আছিল ৷ স্বাধীনতাৰ পূৰ্বে IPTA এ ভাৰতৰ স্বাধীনতা সংগ্ৰামেৰে জড়িত বিভিন্ন থিম প্ৰচাৰ কৰি স্বাধীনতা সংগ্ৰামত অৰিহণা আগবঢ়াইছিল ৷
লগতে পঢ়ক: জালুকবাৰীৰ লাচিত উদ্যানত লাচিত দিৱস উদযাপন