ETV Bharat / state

বাঢ়নি পানীত 3 কিল'মিটাৰ উটি গ'ল যাদৱ পায়েং - unexpected situation happening with Forest man Jadav payeng

এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল অৰণ্য মানৱ যাদৱ পায়েং ৷ ব্ৰহ্মপুত্ৰ নদীৰ কোবাল সোঁতত তিনি কিল'মিটাৰলৈকে উটি গৈছিল বিশ্বখ্যাত অৰণ্য মানৱ গৰাকী ৷ পৰিয়ালৰ এজন যুৱকে মেচিন নাৱেৰে গৈ উদ্ধাৰ কৰে যাদৱ পায়েঙৰ লগতে আন দুগৰাকী লোকক। অৰণ্য মানৱ গৰাকীৰ চৰকাৰলৈ অনুৰোধ মুলাই কাঠনিত থকা বন্য প্ৰাণী সমূহক নিৰীক্ষণ কৰিবলৈ তেওঁক যাতে এখন মেচিন নাও দি সহায় কৰে চৰকাৰে ৷

Assam flood impact - unexpected situation happening with Forest man Jadav payeng
কথমপি প্ৰাণ ৰক্ষা যাদৱ পায়েঙৰ,বাঢ়নি পানীত উটি গৈছিল তিনি কিল'মিটাৰ পৰ্যন্ত
author img

By

Published : Jul 22, 2020, 2:10 PM IST

যোৰহাট,22 জুলাইঃ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে সমগ্ৰ ৰাজ্য খনৰ বিভিন্ন জিলাত সংহাৰী ৰূপ ধাৰণ কৰি বহু জন-জীৱন, পশুধনৰ অনিষ্ট সাধন কৰাৰ সময়তে এক ভয়ংকৰ ঘটনা সংঘটিত হয় যোৰহাটত। ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নি পানীৰ কোবাল সোঁতত তিনি কিল'মিটাৰ পৰ্যন্ত উটি গৈছিল অৰণ্য মানৱ গৰাকী ৷

Assam flood impact - unexpected situation happening with Forest man Jadav payeng
পানীৰ তলত অৰণ্য মানৱ গৰাকীৰ গৃহ

দুজন আত্মীয়ৰ সৈতে নিজৰ মুলাই কাঠনিৰ অৰণ্য খনলৈ নাৱেৰে গৈ থকা অৱস্থাত হঠাতে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে উটুৱাই নিয়ে তিনিওজনকে । প্ৰায় তিনি কিল'মিটাৰ পৰ্যন্ত নদীৰ পানীত উটি যায় তিনিও । হঠাতে হুৱা-দুৱা লগাত কথাটো জানিব পাৰি পৰিয়ালৰ এজন যুৱকে মেচিন নাৱৰে গৈ উদ্ধাৰ কৰে যাদৱ পায়েঙৰ লগতে আন দুগৰাকী লোকক ।

কথমপি প্ৰাণ ৰক্ষা যাদৱ পায়েঙৰ

এইখিনিতে উল্লেখ্য যে, অৰণ্য মানৱ গৰাকীৰ গৃহ এতিয়া পানীৰ তলত ৷ যোৰহাটৰ ককিলামুখৰ বৃহৎ অঞ্চল এতিয়া বানৰ কবলত ৷ সম্প্ৰতি অৰণ্য মানৱ গৰাকীয়ে উপায়ন্তৰ হৈ চৰকাৰক অনুৰোধ কৰিছে যাতে, চৰকাৰে তেওঁক এখন মেচিন নাওৰ ব্যৱস্থা কৰি দিয়ে ৷ যাৰ দ্বাৰা তেওঁ যাতে, মুলাই কাঠনিত থকা বন্য প্ৰাণী সমূহক নিৰীক্ষণ কৰিব পাৰে ।

লগতে পঢ়কঃবানে প্ৰাণ কাঢ়িলে 87 গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.