যোৰহাট, 16 জুন: বিজেপিৰ নেতৃত্বত দেশবাসীয়ে দেখিছে আশাৰ সঞ্চাৰ, এই মন্তব্য বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱাৰ ৷ মৰিয়নিত বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ উদ্যোগত বৃহৎ বাইক ৰেলীত অংশ লৈ এই মন্তব্য কৰে নেতাজনে ৷
সমগ্ৰ দেশজুৰি চলিছে বিজেপিৰ মহা জনসম্পৰ্ক অভিযান ৷ বিজেপিৰ মহা জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে মৰিয়নিত বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাই আৰম্ভ কৰিছে বৃহৎ বাইক ৰেলী ৷ ভাৰতীয় জনতা পাৰ্টীৰ মৰিয়নি আৰু চেলেং মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত শুকুৰবাৰে মৰিয়নি নগৰৰ মাজেৰে চেলেংহাটলৈ এক বিশাল বাইক ৰেলী উলিওৱা হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰে 9 টা বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে আৰু মোদী চৰকাৰৰ জনকল্যাণমুলক আঁচনি আৰু বিভিন্ন বিষয়বস্তুক জনতাৰ মাজলৈ লৈ যোৱাৰ অংশ হিচাপে এই জনসম্পৰ্ক অভিযান আৰম্ভ কৰা হৈছে ৷
আগন্তক লোকসভা নিৰ্বাচনত বিজেপিৰ এই জনসম্পৰ্ক অভিযানে গুৰুতপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতিগৰাকীয়ে ৷ আনহাতে আজিৰ এই বাইক ৰেলীত অংশগ্ৰহণ কৰি ৰাজ্যিক যুৱ মৰ্চা সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱাই কয় যে, বিজেপিৰ শাসনত অসমৰ সীমা সমস্যা সমাধান হোৱাত এক আশাৰ সঞ্চাৰ সৃষ্টি হোৱাৰ লগতে দেশত সন্ত্ৰাসবাদ সমস্যা নাইকিয়া হৈছে ৷
যুৱ মৰ্চাই উলিওৱা এই বৃহৎ বাইক ৰেলীত ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা , লগতে উপ-সভাপতি হিমাংশু শেখৰ বৈশ্যকে ধৰি মৰিয়নি আৰু চেলেং মণ্ডলৰ সভাপতি-সম্পাদকৰ লগতে যুৱ মৰ্চাৰ বহু নেতা-কৰ্মীয়ে অংশ লয় ৷ আজিৰ এই জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে ৰাজ্যিক যুৱ মৰ্চাই মৰিয়নি নগৰৰ কেইবাজনো ব্যক্তিৰ লগত আলোচনা কৰি মোদী চৰকাৰ কামৰ খতিয়ান দিয়াৰ লগতে তেওঁলোক পৰা বিভিন্ন উপদেশ আৰু পৰামৰ্শ গ্ৰহণ কৰে ৷
লগতে পঢ়ক : Nehru Memorial Museum and Library : নাম সলনি ৰাজনীতিক লৈ প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কংগ্ৰেছৰ