ETV Bharat / state

অসম বন্ধৰ বাবে হাৰাশাস্তিৰ সন্মুখীন যোৰহাটবাসী - ইটিভি ভাৰত

বন্ধ সম্পৰ্কে কোনো ধৰণৰ বাতৰি লাভ কৰা নাই আৰক্ষীয়ে।

etv bharat
author img

By

Published : Feb 13, 2019, 9:22 PM IST

যোৰহাট, ১৩ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু জনজাতিকৰণৰ দাবীত দৈনন্দিন হৈ অহা অসম বন্ধই প্ৰভাৱ পেলাইছে জনজীৱনত। বিভিন্ন দল-সংগঠনে প্ৰদান কৰা বন্ধৰ ফলত স্থবিৰ হৈ ৰৈছে জনসাধাৰণৰ কাম-কাজ।

Jorhat
জনজাতিকৰণৰ দাবীত ১৩ ফেব্ৰুৱাৰীত প্ৰদান কৰা বন্ধৰ ফলত জীয়াতু ভুগিবলগীয়াত পৰিছে যোৰহাটবাসী। কোনো ধৰণৰ সংবাদ মাধ্যমত প্ৰকাশ নকৰাকৈ হঠাত প্ৰদান কৰা বন্ধৰ ফলত বিভিন্ন বিদ্যালয়, কৰ্মস্হলীলৈ ওলাই অহা লোকে ভুগিছে অসুবিধাত। বন্ধ সম্পৰ্কে জ্ঞাত নহয় যোৰহাট আৰক্ষীও। বুধবাৰে ৰাতিপুৱাই একাংশ যুৱকে ৰাষ্ট্ৰীয় ঘাইপথত ঠায়ে-ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে যান-বাহন চলাচলত বাধা প্ৰদান কৰাতহে আৰক্ষী জ্ঞাত হয় অসম বন্ধ সন্দৰ্ভত। প্ৰতিবাদৰ নামত দল-সংগঠনতে নীতিবহিৰ্ভূত ভাৱে প্ৰদান কৰা বন্ধৰ বাবে ধিক্কাৰ প্ৰদান কৰিছে ভুক্তভোগী যোৰহাটবাসীয়ে।
undefined

অসম বন্ধৰ প্ৰভাৱ।হঠাৎ বন্ধৰ ফলত সমস্যাৰ সন্মুখীন জন-সাধাৰণ।।

বন্ধ সংকৃতিৰ কবলত এতিয়া ৰাজ্যবাসী।যদি কোনোৱে বিছাৰে জনগোষ্ঠী কৰণ,আন কোনোৱে কৰিছে বিৰোধিতা।আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত জনোৱা বন্ধ সমুহ আছেই।
ছয় জনগোষ্ঠীকৰণৰ দাবীত জনোৱা অসম বন্ধৰ বাবে জ্বাত নাছিল যোৰহাটৰ জনতা।কিন্তু ১৩ ফ্ৰেবুৱাৰী অৰ্থাৎ আজি বুধবাৰৰ দিনা জনজাতি কৰণৰ দাবীত আহ্বান কৰিছিল অসম বন্ধ।সংবাদ মাধ্যমত এই বন্ধৰ বাতৰি প্ৰকাশ পোৱা নাছিল।যাৰফলত জনসাধাৰণৰ জ্বাত নাছিল এই বন্ধৰ বাবে।কিন্তু পুৱাতে বিভিন্ন বিদ্যালয়, কৰ্মস্হলীলৈ ওলাই আহি সমস্যাৰ সন্মুখীন হব লগিয়া হয় বিভিন্ন জন লোক।আনকি প্ৰশাসন আৰু আৰক্ষী বিভাগো জ্বাত নাছিল এই বন্ধৰ সন্দৰ্ভত।পূৱাতে একাংশ যূৱকে ৰাষ্ট্ৰীয় ঘাইপথত ঠায়ে ঠায়ে টাযাৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে যান-বাহন চলোৱাত বাধা প্ৰদান কৰাতহে আৰক্ষী জ্বাত হয় অসম বন্ধ সন্দৰ্ভত।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.