১১ এপ্ৰিল গুৱাহাটীঃ যোৰহাট জিলাৰ ১৩৪ নং নাওশলীয়া প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত নিজৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰিলে বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে । নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নবপ্ৰজন্মৰ ভোটাৰ আগবাঢ়ি অহাতো দেশৰ গণতন্ত্ৰিক ব্যৱস্থাৰ বাবে শুভ লক্ষণ বুলি মন্তব্য কৰিলে অধ্যক্ষগৰাকীয়ে ।
বতৰ অনুকূল হোৱাৰ বাবে ভোটাৰৰ পৰিমাণ বৃদ্ধি হ'ব বুলি আশা কৰি যোৰহাট বিধান সভা সমষ্টিত ৮০ পৰা ৮৫ শতাংশ ভোটদান সম্পন্ন হোৱাৰ আশা ব্যক্ত কৰিছে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে।