ETV Bharat / state

যোৰহাটত বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ প্ৰতিবাদ

কেন্দ্রীয় চৰকাৰৰ প্ৰস্তাৱিত বিদ্যুৎ বিল 2020ৰ বিৰোধিতাৰে যোৰহাটত বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ প্ৰতিবাদ ৷ হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলাৰ লগতে এই আইন অতি শীঘ্ৰে বাতিলৰ দাবী জনায় কৰ্মচাৰী আৰু অভিযন্তা সকলে ৷

যোৰহাটত বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ প্ৰতিবাদ
যোৰহাটত বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ প্ৰতিবাদ
author img

By

Published : Feb 3, 2021, 1:52 PM IST

Updated : Feb 3, 2021, 2:25 PM IST

যোৰহাট,3 ফেব্ৰুৱাৰী: যোৰহাটত বিদ্যৎ বিভাগৰ কাৰ্যালয়ত বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ প্ৰতিবাদ ৷ সমগ্ৰ অসমৰ লগতে কেন্দ্রীয় চৰকাৰৰ প্ৰস্তাৱিত বিদ্যুৎ বিল 2020ৰ বিৰোধিতা কৰি যোৰহাটতো অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ এই বিলৰ আধাৰত ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহক ব্যক্তিগত পুঁজিপতি বনিয়াৰ হাতত বিক্ৰী কৰি দিয়া সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰী আৰু অভিযন্তা সকলে ৷

যোৰহাটত বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ প্ৰতিবাদ

উল্লেখ্য যে, বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সকলে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলাৰ লগতে এই আইন অতিশীঘ্ৰে বাতিলৰ দাবী জনায় ৷ কোনো কাৰণতে এই আইন মানি লোৱা নহ'ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক: 5 ফেব্ৰুৱাৰীত ৰাজ্যত শিক্ষা বিভাগৰ সৰ্ববৃহৎ শিক্ষক নিযুক্তি

Last Updated : Feb 3, 2021, 2:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.