ETV Bharat / state

সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে যোৰহাটত সাংবাদিকৰ প্ৰতিবাদ

author img

By

Published : Nov 23, 2020, 4:32 PM IST

ৰাজ্যত ক্ৰমাৎ সাংবাদিক আক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ পিছতো চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুদ্ধ হৈ পৰিছে সাংবাদিকসকল। সোমবাৰে যোৰহাটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে সাংবাদিকসকলে। জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে যোৰহাটত সাংবাদিকৰ প্ৰতিবাদ
সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে যোৰহাটত সাংবাদিকৰ প্ৰতিবাদ

যোৰহাট, ২৩ নৱেম্বৰ: এটাৰ পিছত আনটো সাংবাদিক নিগ্ৰহৰ ঘটনাই ভাবুকি আনিছে সাংবাদিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত। সঘনে সাংবাদিকসকল আক্ৰমণৰ বলি হৈ অহাৰ পিছতো গৃহ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি ৰাজ্যৰ ভিন্ন প্ৰান্তত সাংবাদিকৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে। যোৰহাটতো সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ সাংবাদিকসকলে। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ দাবী জনায়। লগতে জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে সাংবাদিকসকলে।

উল্লেখ্য যে, কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু আৰু সাংবাদিক মিলন মহন্তক জুৱাৰী বাহিনীয়ে আক্ৰমণ কৰাৰ পিছতে ৰাজ্য প্ৰতিবাদৰ জোৱাৰ উঠিছে। নিৰাপত্তাহীনতাত ভুগিছে সাংবাদিকসকলে। উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীৰ ভূমিকাক লৈও অসন্তুষ্ট সাংবাদিসকল। মিলন মহন্তৰ আক্ৰমণকাৰীক আজিলৈ কৰায়ত্ত নকৰাত ক্ষুদ্ধ হৈ পৰিছে সাংবাদিকৰ লগতে বিভিন্ন দল-সংগঠন।

লগতে পঢ়ক:তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ জিএমচিএইছত উপস্থিত জাকিৰ হুছেইন শিকদাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.