টীয়ক ১৮ অক্টোবৰঃ যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ কলীয়াপানী উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৪ নং বামুনপুখুৰী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক অনিয়মৰ অভিযোগ তুলি ৰাজপথলৈ ওলাই আহিছে একাংশ ক্ষোভিত মহিলা। ক্ষোভিত মহিলাসকলৰ মতে, কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত পঞ্চায়ত সভানেত্ৰী গৰাকীৰ লগতে স্থানীয় ৱাৰ্ডমেম্বাৰ গৰাকীয়ে বিজেপি দলত যোগদান কৰাৰ যো-জা চলাইছে,সেয়েহে অৰুণোদয় আঁচনিৰ সুবিধা বিজেপি সদস্য সকলক প্ৰদান কৰিছে । পঞ্চায়তখনত অৱসৰপ্ৰাপ্ত চাকৰিয়াল,বিজেপি নেতা,ধনী পৰিয়ালৰ মহিলাক অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত স্থান দিয়া হৈছে বুলি মন্তব্য কৰিছে মহিলাসকলে । সেয়েহে প্ৰকৃত হিতাধীকাৰীয়ে যাতে এই আঁচনিত অন্তৰ্ভুক্ত হ'ব পাৰে তাৰ বাবে গাঁওবুঢ়াৰ যোগেদি পুনৰ এক বাচনি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী জনাইছে।
লগতে পঢ়ক:মিজোৰাম সীমান্তৰ পৰিস্থিতি প্ৰধানমন্ত্ৰী তথা গৃহ মন্ত্ৰণালয়ক জনালে সোণোৱালে