ETV Bharat / state

Artificial flood in Teok: জলমগ্ন টীয়কৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ পথ

author img

By

Published : Apr 2, 2023, 6:59 PM IST

চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণ কৰা ৰাষ্ট্ৰীয় ঘাই পথত এতিয়া সাগৰ সদৃশ পৰিৱেশ । এজাক বৰষুণতে চাৰ্ভিছ পথৰ ওপৰত পানী জমা হোৱাত অচলাৱস্থাৰ সৃষ্টি হৈছে টীয়ক নগৰত(Artificial flood in Teok) । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সৈতে জৰিত বিভিন্ন বিষয়া-কৰ্মচাৰীৰ চৰম দায়িত্বজ্ঞানহীনতাৰ ফলতে এনে পৰিৱেশ সৃষ্টি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

Artificial flood on service road on national highway in Teok
জলমগ্ন টীয়কৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ পথ

টীয়ক, ২ এপ্ৰিল: এজাক বৰষুণে উদঙালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কামৰ স্বৰূপ । টীয়ক নগৰৰ মাজমজিয়াৰ চাৰ্ভিছ ৰোডত সাগৰ সদৃশ পৰিৱেশ । NHAIDCL ৰ বিষয়া,কাৰিকৰী বিষয়া একাংশৰ চৰম দায়িত্বজ্ঞানহীনতাৰ ফল ভোগ কৰিব লগা হৈছে টীয়ক নগৰ এলেকাৰ বাসিন্দাসকলৰ লগতে ব্যৱসায়ীসকলে (Artificial flood in Teok) । চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ বাবে নিৰ্মাণ কৰা পথৰ কাষৰ নলা, চাৰ্ভিছ পথসমূহ মূল পথতকৈ অতি চাপৰকৈ নিৰ্মাণ কৰাৰ ফলত এজাক বৰষুণতে চাৰ্ভিছ পথৰ ওপৰত পানী জমা হোৱাত অচলাৱস্থাৰ সৃষ্টি হৈছে টীয়ক নগৰত (Poor road condition in Teok)।

উল্লেখযোগ্য যে, ২০১৪ চনতে দুইলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথ চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণৰ বাবে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল টীয়ক নগৰত । অৱশ্যে তেতিয়াৰে পথ নিৰ্মাণৰ সৈতে জড়িত কোম্পানীসমূহৰ কাম-কাজত ত্ৰুটি প্ৰত্যক্ষ কৰি টীয়কৰ ৰাইজ তথা দল-সংগঠনে বহুবাৰ উৰ্ধতম কৰ্তৃপক্ষক অভিযোগ উত্থাপন কৰি আহিছে । বিশেষকৈ নতুনকৈ পথৰ কাষত যিসমূহ নলা নিৰ্মাণ কৰিছিল সেইসমূহ পূৰ্বৰ পথটোতকৈ ঠায়ে ঠায়ে দুই আঢ়ৈ ফুট পৰ্যন্ত চাপৰকৈ নিৰ্মাণ কৰাত এনে সমস্যাৰ সন্মুখীন হোৱাতো ৰাইজে আশংকা প্ৰকাশ কৰিছিল (Pathetic road condition in Teok) ।

সেইসময়ত নিৰ্মাতা সন্থাক তথা উৰ্ধতম কৰ্তৃপক্ষই পথচোৱা সম্পূৰ্ণ হ'লে সকলো সমস্যা দূৰ হ'ব বুলি ৰাইজক অৱগত কৰি আছিল যদিও বৰ্তমান সময়ত প্ৰায় 80 % কাম সম্পূৰ্ণ হওতেই এইদৰে নগৰৰ মাজমজিয়াত চাৰ্ভিছ পথত বাৰিষাৰ আৰম্ভণিতেই একাঠু পানী জমা হোৱাক লৈ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে (Artificial flood on service road on national highway in Teok) ।

ইফালে টীয়ক পৌৰসভা কেৱল কৰ সংগ্ৰহত ব্যস্ত হৈ পৰাৰ বিপৰীতে নগৰবাসীৰ লগতে ব্যৱসায়ীসকলৰ সা-সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি আহিছে স্থানীয় ৰাইজে । লগতে এই সমস্যাটো স্থায়ীভাৱে সমাধান বাবে জিলা উপায়ুক্তৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ হস্তক্ষেপ কামনা কৰিছে টীয়কৰ বিভিন্ন দল-সংগঠনৰ লগতে টীয়ক নগৰবাসীয়ে ।

লগতে পঢ়ক: Assam Govt Recruitment : প্ৰসংগ : অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া; বৰ্তমানেও ৭১১ টা ANM নাৰ্চৰ পদ খালী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.