ETV Bharat / state

Protest in Jorhat: অংগনৱাড়ী কৰ্মী - সহায়িকাৰ প্ৰতিবাদত কঁপিল যোৰহাট - অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদত কঁপিল যোৰহাট

পাকঘৰ এৰি সহস্ৰাধিক মহিলা ওলাই আহিল ৰাজপথলৈ । চৰকাৰ বঞ্চনাৰ বিৰুদ্ধে ৰূপায়ণ কৰে ক্ষোভ আৰু অসহযোগ কাৰ্যসূচী । শীঘ্ৰে প্ৰাপ্য দাবীসমূহ পূৰণৰ দাবী জনাই যোৰহাটত অংগনৱাড়ী কৰ্মী-সহায়িকাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (Anganwadi workers protest in Jorhat) ।

Anganwadi workers protest in Jorhat
অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদত কঁপিল যোৰহাট
author img

By

Published : May 24, 2023, 8:26 PM IST

অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদত কঁপিল যোৰহাট

যোৰহাট, ২৪ মে': বাৰে বাৰে প্ৰাপ্যৰ বঞ্চিত অংগনৱাড়ী কৰ্মী-সহায়িকা । বিভিন্ন সময়ত অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে প্ৰাপ্য বিচাৰি প্ৰতিবাদ কৰি আহিছে যদিও আজিও বিভাগীয় কৰ্তৃপক্ষই যেন কোনো কাণষাৰ দিয়া নাই এই ক্ষেত্ৰত । সেয়ে পুনৰ অংগনৱাড়ী কৰ্মী-সহায়িকাসকল নামিল প্ৰতিবাদত ৷ অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদত উত্তাল হৈ পৰিল যোৰহাট (Anganwadi workers protest in Jorhat) ।

যোৰহাট জিলাৰ সহস্ৰাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাই বুধবাৰে যোৰহাট জিলাৰ সমাজকল্যাণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ । চি আই টি ইউ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাই তেওঁলোকৰ দাবীসমূহ পূৰণৰ আহ্বান জনায় ।

চৰকাৰী চাকৰিৰ স্বীকৃতি দিয়া মাননিৰ সলনি মজুৰি প্ৰদান কৰা, মজুৰি দিব নোৱাৰালৈকে ন্যূনতম ১০০০০ টকা মাননি দিয়া, সকলো কৰ্মী-সহায়িকাক এককালীন সাহায্য প্ৰদান কৰা, প্ৰতিটো অংগনৱাড়ী কেন্দ্ৰৰ উন্নত আন্তঃগাঁঠনি নিৰ্মাণ কৰা, মিনি কৰ্মীক পূৰ্ণাংগ কৰ্মীৰ মৰ্যাদা দিয়া আদি দাবী সমাধানৰ বাবে আহ্বান জনোৱা চাৰিদিনীয়া কৰ্ম বিৰতিৰ সমৰ্থনত এই প্ৰতিবাদ সাব্যস্ত কৰে (Thousands of Anganwadi workers protest in Jorhat) ।

আৰম্ভনিতে কৰ্মী-সহায়িকা সকলে চি আই টি ইউ কাৰ্যালয় প্ৰাংগণত সমবেত হৈ জিলা সভানেত্ৰী লক্ষী কছাৰীৰ পৰিচালনাত প্ৰায় তিনি কিলোমিটাৰ শোভাযাত্ৰা কৰে । এই বিক্ষোভ কাৰ্যসূচীত চি আই টি ইউৰ জিলা সম্পাদক ৰবীন দত্ত, কাৰ্যকাৰী সভাপতি দ্বীব্য়েন্দু দাস চি আই টি ইউৰ জিলা সভাপতি, সভানেত্ৰী লক্ষী কছাৰীৰ লগতে সংগঠনৰ জিলা নেতৃত্বসকল উপস্থিত থাকে (Protest in Jorhat) ।

আনহাতে, এইসকল অংগনবাড়ী কৰ্মী আৰু সহায়িকা প্ৰতিবাদত অচল হৈ পৰে সমাজ কল্যান বিভাগৰ বহু কাম-কাজ । চৰকাৰে ৰাজ্য এইসকল অংগনবাড়ী কৰ্মী সহায়িকাৰ দাবী মানি নল'লে পৰৱতী সময়ত ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলা হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক: Human sacrifice case: 2 লাখ টকাৰ প্ৰলোভন দি যুৱতীক বলি দিবলৈ কুঅভিসন্ধি চুবুৰীয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.