ETV Bharat / state

Scam allegation: শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি ৰূপায়ণত অনিয়মৰ অভিযোগ - Swahid Dayal Das Panika Swajiyojan

মৰিয়নিত শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি ৰূপায়নত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে (Corruption in Swahid Dayal Das Panika Swajiyojan)। হিতাধিকাৰীৰ অভিযোগ অনুসৰি ২০০০ টকা নিদিলে আঁচনিৰ সুবিধা ল'ব নোৱাৰে । আঁচনিৰ কেলেংকাৰীত বিজেপি নেতা জড়িত থকাৰ অভিযোগ ।

Dayal Das Panika Swajiyojan Achoni scheme
মৰিয়নীত ছহিদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি ৰূপায়ণত অনিয়ম
author img

By

Published : Apr 18, 2023, 6:21 PM IST

মৰিয়নীত ছহিদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি ৰূপায়ণত অনিয়ম

মৰিয়নি,১৮ এপ্ৰিল : যোৰহাটৰ মৰিয়নিত শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি ৰূপায়নত ব্যাপক অনিয়মৰ অভিযোগ উঠিছে (Swahid Dayal Das Panika Swajiyojan Achoni)। বিজেপি নেতাৰ পৃষ্ঠপোষকতাত সংঘটিত হৈছে এই কেলেংকাৰী । টকা দিলেহে আঁচনিৰ সুফল লাভ কৰিব পাৰে হিতাধিকাৰীয়ে । আনকি দুই হাজাৰ টকা নিদিয়াৰ বাবে হিতাধিকাৰীক আঁচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত নকৰাৰ অভিযোগ উঠিছে ।

উল্লেখ্য যে, অসম চৰকাৰে চাহ জনগোষ্ঠীৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি নামেৰে এখন আঁচনি ৰূপায়ণ কৰিছিল । এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীক ২৫,০০০ কৈ টকা দিয়া হয় । কিন্তু মৰিয়নি সমষ্টিৰ কঠালগুৰি পঞ্চায়তৰ অন্তৰ্গত বাগিচাত এই আঁচনি ৰূপায়ণৰ নামত অনিয়ম হোৱাৰ অভিযোগ উঠিছে (Corruption in Swahid Dayal Das Panika Swajiyojan)।

প্ৰাৰ্থী বাছনিৰ দায়িত্বত থকা মহেশ পুৰাণ নামৰ বিজেপি নেতাজনক ২০০০ টকা নিদিয়াৰ বাবেই আঁচনিৰ সুবিধা লাভ নকৰাৰ অভিযোগ উঠিছে । ইফালে মহেশ পুৰাণে ২০০০ টকা বিচৰাৰ বিষয়ে বিভাগীয় দায়িত্বত থকা অধ্যক্ষ দুলেন নায়কক জনাইছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে বঞ্চিত যুৱকে (Deprived beneficiaries protest in Mariani) ।

বঞ্চিত যুৱকসকলে অভিযোগ কৰা মতে একাংশ চাহজনগোষ্ঠীয় নেতাৰ আক্ৰোশৰ বলি হ'বলগীয়া হৈছে তেওঁলোক । ফলত বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হৈছে । আনকি নিবনুৱা যুৱক-যুৱতীৰ বাবে ৰূপায়ণ কৰা আঁচনিৰ ওপৰতো চকু পৰিছে বিজেপি নেতাৰ । ইতিমধ্যে মৰিয়নিত সংঘটিত এই কেলেংকাৰীৰ ফলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বঞ্চিত হিতাধিকাৰী যুৱক-যুৱতীসকলে সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰিছে । আনহাতে, এই কেলেংকাৰী আৰু অনিয়মত জড়িত নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে যুৱক-যুৱতীসকলে । যিসময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ কথা কৈছে তেনে সময়তে বিজেপিৰ একাংশ নেতা এই ধৰণৰ কেলেংকাৰীত জড়িত হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Kidnaped Businessman Rescued : ডিমাপুৰৰ দুই অপহৃত ব্যৱসায়ীক হাতীগাঁৱত উদ্ধাৰ, পলাতক অপহৰণকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.