যোৰহাট,7জানুৱাৰী:কৃষক নেতা অখিল গগৈৰ বৃহস্পতিবাৰে জামিন নাকচ হোৱাৰ খবৰ লাভ কৰাৰ পিছতে শোকত ভাগি পৰিছে এতিয়া নেতাগৰাকীৰ মাতৃ প্ৰিয়দা গগৈ ৷ উচ্চ ন্যায়ালয়ৰ ৰায়ত একপ্ৰকাৰ হতাশ হৈ পৰিছে কৃষক নেতা গৰাকীৰ মাতৃ ৷ ১৭ ডিচেম্বৰতে জামিনৰ শুনানি শেষ হোৱাৰ পিছত বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে অখিল গগৈৰ জামিন আবেদন ৷
2019 চনৰ 12ডিচেম্বৰত গ্ৰেপ্তাৰ হোৱা অখিল গগৈয়ে সুদীৰ্ঘ এবছৰ ধৰি কাৰাগাৰৰ চাৰিবেৰৰ মাজত বন্দীত্বৰ জীৱন কটাই আছে ৷ আনহাতে ,‘নিয়া’ৰ ১৩/২০১৯ নম্বৰৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে বৃহস্পতিবাৰে অখিল গগৈৰ জামিন নাকচ কৰিলে ৷
লগতে পঢ়কঃনমামি ব্ৰহ্মপুত্ৰৰ পিচত এইবাৰ চৰকাৰী খৰচত ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ