যোৰহাট,9 ফেব্ৰুৱাৰীঃ কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি হৈ পৰিছে । মঙলবাৰৰ পুৱাৰে পৰা জ্বৰত আক্ৰান্ত হোৱাৰ লগতে কেইবাবাৰো বমি হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । সম্প্ৰতি দুৰ্বল আৰু শয্যাশায়ী হৈ থকা অখিল গগৈৰ মাতৃক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে, অখিল গগৈ কাৰাগাৰত থকা অৱস্থাৰ পৰাই শাৰীৰিক আৰু মানসিক ভাৱে দূৰ্বল হৈ পৰিছিল প্ৰিয়দা গগৈ । বাৰে বাৰে পুত্ৰ অখিলক কাষত বিচাৰি উচুপি উঠিছে ৰোগীয়া মাতৃ । কান্দি কান্দি অখিলৰ মাতৃয়ে উল্লেখ কৰিছে ‘মই বাচি নাথাকিম । অখিলৰ মুখ খন শেষবাৰৰ বাবে চাবলৈ মন গৈছে ।’
লগতে পঢ়কঃ কৰিমগঞ্জৰ পাথাৰকান্দিত ভয়ংকৰ পথ দুর্ঘটনা: নিহত 3জন