ETV Bharat / state

AJYCP Protest: সীমা সমস্যাৰ স্থায়ী সমাধানৰ দাবী আৰু অৰুণাচলী দুৰ্বৃত্তক শাস্তিৰ দাবীৰে যোৰহাট-নগাঁৱত প্ৰতিবাদ

author img

By

Published : Jun 8, 2023, 7:07 PM IST

অসম-অৰুণাচল সীমান্তৰ পানবাৰীত দুজনকৈ অসমীয়া লোকক অৰুণাচলী দুৰ্বৃত্তই হত্যা কৰা ঘটনাৰ বিৰুদ্ধে আৰু চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে অসমৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ দাবীতত বৃহস্পতিবাৰে যোৰহাটত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে যুৱ ছাত্ৰ পৰিষদে ৷ আনহাতে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপতো অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে (Lakhimpur border firing case) ৷

AJYCP Protest
অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
যোৰহাটত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

যোৰহাট\চামগুৰি, 8 জুন: যোৰহাটৰ ৰাজপথত গৃহ বিভাগ হায় হায় ধ্বনি ৷ অসমৰ মাটিত অৰুণাচলী দুৰ্বৃত্তই নিৰীহ যুৱকক হত্যা কৰাৰ বিৰুদ্ধে আৰু সীমা সমস্যা সমাধানৰ দাবীত উত্তাল যোৰহাট ৷ দুৰ্বৃত্তই অসমৰ ভূমিত প্ৰৱেশ কৰি নিৰীহ অসমীয়া ব্যক্তিক হত্যা কৰাৰ পাছতো ৰাজ্য চৰকাৰে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুণ্ণ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷ লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত দুগৰাকী অসমীয়া লোকক অৰুণাচলী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা ঘটনাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (Assam Arunachal Border Firing Case) ৷

বিশ্ব পৰিবেশ দিৱসৰ দিনাই অসম-অৰুণাচল সীমান্তৰ পানবাৰীত দুজনকৈ অসমীয়া লোকক হত্যা কৰা ঘটনাৰ বিৰুদ্ধে আৰু চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে অসমৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ দাবীতত বৃহস্পতিবাৰে যোৰহাটত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে যুৱ ছাত্ৰ পৰিষদে (Lakhimpur border firing case) ৷ যোৰহাট জিলা উপায়ক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা ধৰ্মঘটস্থলীত অসম চৰকাৰ হায় হায়, গৃহ বিভাগ মুৰ্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে (AJYCP Holds Protest) ৷

প্ৰতিবাদস্থলীৰ পৰাই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হোৱা দুয়োজন ব্যক্তিৰ পৰিয়ালক সংস্থাপন , আঘাত প্ৰাপ্তসকলক উপযুক্ত ক্ষতিপূৰণ আৰু এই ঘটনাৰে জড়িত দুৰ্বৃত্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী উথ্থাপন কৰে (AJYCP Protest in Jorhat) ৷ যদি চৰকাৰে এই ক্ষেত্ৰত হেমাহি কৰে তেন্তে ইয়াতকৈ অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিয়ে যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে ৷ লগতে প্ৰতিবাদস্থলীৰ পৰাই কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে সংগঠনটোৱে (AJYCP Protest) ৷

আনহাতে বৃহস্পতিবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত অসমৰ মাটিত অৰুণাচলী দুৰ্বৃত্তই 5 জুন তাৰিখে দুজনকৈ অসমীয়া লোকক হত্যা কৰা আৰু কেইবাজনো লোকক আঘাতপ্ৰাপ্ত কৰা ঘটনাৰ প্ৰতিবাদত তথা চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে অসমৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ দাবীত 3 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৷ এই কাৰ্যসূচীত নগাঁও জিলা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া, সাধাৰণ সম্পাদকৰ লগতে পৰিষদৰ বহুতো নেতা-কৰ্মী উপস্থিত থাকে (AJYCP Protest in Nagaon) ৷

লগতে পঢ়ক: Lakhimpur firing case: অৰুণাচলী দুৰ্বৃত্তক শাস্তিৰ দাবীৰে মঙলদৈত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.