ETV Bharat / state

প্ৰকৃতিপ্ৰেমীৰ ৰোষত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী ! - প্ৰকৃতীপ্ৰেমী

শ্ৰীমন্ত শংকৰদেৱ মূৰ্তি নিৰ্মাণৰ পৰিকল্পনাৰে তথা সত্ৰপীঠ মাজুলীক আদৰণি জনোৱাৰ উদ্দেশ্য উত্তৰ যোৰহাটৰ ৰংদৈ গোধা তিনিআলিৰ সমীপৰ বৰগছ কেইজোপা কাটি সেই স্থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মূৰ্তি নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷

গছ কাটিব বিচাৰি ৰাইজৰ ৰোষত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী!
author img

By

Published : Oct 11, 2019, 11:27 PM IST

যোৰহাট, 11 অক্টোবৰঃ এক বৃক্ষ দহ পুত্ৰৰ সম । কিন্তু দহ পুত্ৰ সম বৃক্ষৰ ওপৰত চকু বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ । গছডাল কাটি মূৰ্তি নিৰ্মাণ কৰিব বিচাৰিছে বিধায়ক গৰাকীয়ে ৷ যোৰহাটৰ নিমাটি ঘাটলৈ যোৱাৰ পথত গোধা দলংৰ কাষত থকা শতায়ু গৰকা দুজোপা বট বৃক্ষ কাটিব বিচৰাত সৰৱ হৈ উঠিছে স্থানীয় ৰাইজৰ লগতে প্ৰকৃতীপ্ৰেমী ।

উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ মূৰ্তি নিৰ্মাণৰ পৰিকল্পনাৰে তথা সত্ৰপীঠ মাজুলীক আদৰণি জনোৱাৰ উদ্দেশ্য উত্তৰ যোৰহাটৰ ৰংদৈ গোধা তিনিআলিৰ সমীপৰ বৰগছ কেইজোপা কাটি সেই স্থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মূৰ্তি নিৰ্মাণ কৰিব বিচাৰিছে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিশিষ্ট পৰিৱেশ কৰ্মী জিতু কলিতা । পৰিৱেশ কৰ্মী গৰাকীয়ে ইতিমধ্যে বৰ গছ দুজোপা কটাৰ বিৰোধীতা কৰি যোৰহাট জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে । উন্নয়নৰ নামত পৰিৱেশৰ ভাৰসাম্য অটুট ৰখাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বৃক্ষ কাটিব বিচৰা কাৰ্যক কোনো কাৰণতে মানি নলয় বুলি মন্তব্য কৰে পৰিৱেশ কৰ্মী জিতু কলিতাই ।

গছ কাটিব বিচাৰি ৰাইজৰ ৰোষত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী!

যি সময়ত সমগ্ৰ বিশ্বতে বৃক্ষ ৰোপণ তথা পৰিৱেশ সচেতনতা বৃদ্ধি বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আলোচনা চক্ৰ আয়োজন কৰিছে তেনে সময়ত যোৰহাটৰ বিধায়কৰ এই কাণ্ডই ক্ষোভিত কৰি তুলিছে সচেতন ৰাইজক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.