ETV Bharat / state

টীয়কত বাহনসহ গ্ৰেপ্তাৰ দুজনকৈ অভিযুক্ত গৰু চোৰ

author img

By

Published : Jun 27, 2020, 12:23 PM IST

লাহদৈগড় আৰক্ষীয়ে শুকুৰবাৰে নিশা হাতীবৰুৱা চাৰিআলিত এখন বাহনসহ গৰু চুৰিৰ সৈতে জড়িতৰ অভিযোগ দুজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷

accused cattle thief arrested in teok
accused cattle thief arrested in teok

টীয়ক, 27 জুনঃ শুকুৰবাৰে নিশা টীয়কৰ লাহদৈগড় আৰক্ষীয়ে হাতীবৰুৱা চাৰিআলিত এখন বাহনসহ দুজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ অভিযোগ অনুসৰি অঞ্চলটোত দীৰ্ঘদিনৰ পৰা সংঘটিত হৈ আহিছে গৰু চুৰিৰ ঘটনা ৷ গৰু চুৰিৰ লগত ধৃত অভিযুক্ত কেইজন জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ৷ ধৃত অভিযুক্ত ৰফিউল হুচেইন আৰু তেওঁৰ পুত্ৰ ইমৰান হুচেইনৰ বিৰুদ্ধে উত্থাপন হৈছে গৰু চুৰিৰ অভিযোগ ৷

টীয়কত বাহনসহ গ্ৰেপ্তাৰ দুজনকৈ অভিযুক্ত গৰু চোৰ

উল্লেখ্য যে,অভিযুক্ত ৰফিউল হুচেইনে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰৈ অনুসৰি, এই সমগ্ৰ ঘটনাটো পূৰ্ব পৰিকল্পিত ৷ পূৰ্বৰ পৰিকল্পনা মতে,কোনোৱে তেওঁৰ অজ্ঞাতসাৰে গৰু দুটা ঘৰৰ পিছফালে বান্ধি থৈ যায় ৷ আনহাতে আৰক্ষীয়ে লৈ অনা গাড়ীখনৰ বিষয়েও তেওঁ জ্ঞাত নহয় ৷ পুৱা শুই উঠাৰ পিচত তেওঁৰ পুত্ৰই সেই বিষয়ে তেওঁক খবৰ দিয়াৰ পিচতহে তেওঁ গম পায় ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত অভিযুক্ত ৰফিউল হুচেইন জ্ঞাত নহয় বুলি উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত ৷

লগতে পঢ়কঃ চুৰি কৰিবলৈ আহি ধৰা পৰিল গভাইত চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.