ETV Bharat / state

National level training in natural agriculture : অসম কৃষি বিশ্ববিদ্যালয়ত আৰম্ভ প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ - প্ৰাকৃতিক কৃষিৰ ওপৰত অধিক গুৰুত্ব

আজিৰে পৰা 22 ডিচেম্বৰলৈকে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আয়োজন কৰা হৈছে প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ (AAU starts national level training in natural agriculture) ৷ এই প্ৰশিক্ষণত দেশৰ 9 খন ৰাজ্যৰ ভূমি বিজ্ঞানৰ গৱেষক তথা বিজ্ঞানীসকলে অংশগ্ৰহণ কৰিছে ।

AAU starts national level training in natural agriculture
fgjঅসম কৃষি বিশ্ববিদ্যালয়ত আৰম্ভ প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ
author img

By

Published : Dec 13, 2022, 8:04 PM IST

যোৰহাট, 13 ডিচেম্বৰ : ‘‘বৰ্তমান সময়ত কৃষিত বহু পৰিৱৰ্তন আহিছে ৷ যাৰ বাবে কৃষি ব্যৱস্থাৰ আৰ্হি বা কাৰ্যপদ্ধতি সলনি কৰি বেলেগ বেলেগ দিশেৰে কৃষিত আত্মনিয়োগ কৰিব লাগিব । এই নতুন ব্যৱস্থাৱলীৰ বাবে উন্নত দেশসমূহে ভূমিৰ উত্তৰণ ঘটোৱাৰ দৰে পদক্ষেপ ল’ব লাগিব ।’’

AAU starts national level training in natural agriculture
fjঅসম কৃষি বিশ্ববিদ্যালয়ত আৰম্ভ প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ

মঙলবাৰৰ পৰা আৰম্ভ হোৱা যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত (Assam Agricultural University) অনুষ্ঠিত ‘‘বহনক্ষম কৃষি আৰু পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ দিশত প্ৰাকৃতিক কৃষি’’ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীত (AAU starts national level training in natural agriculture) উপস্থিত হৈ এই মন্তব্য কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড৹ অশোক ভট্টাচাৰ্যই ।

লগতে তেওঁ কয়, ‘‘ভূমি মাতৃৰ প্ৰতি আমাৰ দৃষ্টিভংগী আৰু ভূমিৰ স্বাস্থ্যৰ দিশত আমি সজাগ নোহোৱাৰ বাবে যি পদ্ধতিৰ কৃষিৰ কথাই কোৱা নহওক প্ৰত্যাহ্বান অতিশয় বেছি হৈছে । সেয়ে সাধাৰণ উৎপাদকক এই দিশত বুজাই সামগ্ৰিক কৃষিক্ষেত্ৰত সমৃদ্ধিৰ বাবে পদক্ষেপ হাতত ল’ব লাগিব’’ ।

কেৱল লাভৰ বাবে অত্যাধিক ৰাসায়নিক আৰু কীটনাশক প্ৰয়োগৰ ফলত হোৱা ক্ষতিৰ জোৰা মাৰিবলৈকে প্ৰাকৃতিক কৃষিৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে (More emphasis on natural agriculture) । ভাৰতীয় কৃষি গৱেষণা অনুষদৰ অৰ্থসাহায্যৰে আয়োজন কৰা প্ৰশিক্ষণৰ শুভাৰম্ভণি কাৰ্যসূচীত এই মন্তব্য কৰে ড৹ অশোক ভট্টাচাৰ্যই ।

লগতে পঢ়ক : CM Flag Off Solar Powered Lights: সৌৰশক্তি চালিত লাইট যোগানৰ ফ্লেগ অফ মুখ্যমন্ত্ৰীৰ

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ সৌজন্যত আয়োজিত এই কাৰ্যসূচীৰ আদৰণি ভাষণ আগবঢ়াই ভূমি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড৹ দিলীপ কুমাৰ পাটগিৰীয়ে । ভূমি বিজ্ঞান বিভাগৰ অধ্যাপক ড৹ বিপুল ডেকাই অনুষ্ঠানৰ আঁত ধৰি কয়, ‘‘মাটিয়ে আমাক দি আছে দিয়েই আছে আৰু আমি লৈয়েই আছো লৈয়েই আছো আৰু নিজকে বিপৰ্যয় মাজলৈ নি আছো । সেয়ে এনে প্ৰেক্ষাপটতে দহদিনীয়া এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে’’ ।

অনুষ্ঠানটোত ভাৰপ্ৰাপ্ত কৃষি বিজ্ঞানৰ গুৰু ড৹ এম কে মোডীয়ে কয় যে, সেউজ বিপ্লৱৰ মাধ্যমত দেশৰ খাদ্য শস্যৰ উৎপাদন বৃদ্ধি হয় যদিও পৰিৱেশৰ দিশত বিৰূপ প্ৰভাৱ পৰে । ভূমিৰ স্বাস্থ্যৰ দিশত বহু ক্ষতিসাধন হয় । সেয়ে পৰ্যায়ক্ৰমে প্ৰাকৃতিক কৃষিৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ প্ৰেক্ষাপটত পৰিৱেশ ভাৰসাম্য অটুট ৰাখি কৃষিৰ উৎপাদন বৃদ্ধি কৰিব বিচৰা হৈছে ।

অহা 22 ডিচেম্বৰলৈকে হ’বলগীয়া প্ৰশিক্ষণৰ এই অনুষ্ঠানত স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড৹ অনুপ কুমাৰ দাসে ভাষণত কয়, ‘‘পৰিৱেশ আৰু জনসংখ্যা সমস্যাগত প্ৰত্যাহ্বানৰ মাজৰ পৃথিৱীত আমি বাস কৰিছো । প্ৰাকৃতিক কৃষি আৰু আধুনিক কৃষিৰ সমন্বয় সাধনেৰে সমস্যাসমূহ সমাধান কৰিবলৈ হ’লে এনে প্ৰশিক্ষণে পথ নিৰ্দেশনা দিব বুলি আশা কৰিব পাৰি’’ ।

লগতে পঢ়ক : 100 years of ATI: অসম টেক্সটাইল ইনষ্টিটিউটৰ শতবৰ্ষৰ আয়োজন

উত্তৰ পূৱ জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ সঞ্চালক ড৹ বিদ্যুৎ কুমাৰ শৰ্মাই কয়, ‘‘এতিয়া আমি আমাৰ পুৰনি প্ৰাকৃতিক কৃষিৰ ওপৰত অধিক গুৰুত্ব দিয়া প্ৰয়োজন হৈ পৰিছে’’ । ইফালে অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ প্ৰসন্ন কুমাৰ পাঠক কয়, ‘‘প্ৰাকৃতিক কৃষিৰ দিশত আমাৰ ধাৰণাৰ সম্প্ৰসাৰণ ঘটাই এই কৃষিৰ সম্প্ৰসাৰণৰ অংশীদাৰ হ’ব লাগিব । ‌প্ৰাথমিক নীতি মানি চলিব লাগিব আৰু সামগ্ৰিক কৃষিক্ষেত্ৰত সমৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগিব’’ ।

দেশৰ 9 খন ৰাজ্যৰ কৃষি তথা ভূমি বিজ্ঞানৰ অধ্যাপক, গৱেষক আৰু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণৰ এই অনুষ্ঠানত ৰাষ্ট্ৰীয় ভূমি জৰীপ আৰু ভূমি ব্যৱহাৰ পৰিকল্পনা বিভাগৰ উত্তৰ পূৰ্বাঞ্চলৰ মুৰব্বী ড৹ উদয় শইকীয়া অসম কৃষি বিশ্ববিদ্যালয়ৰ মহাগাণনিক ড৹ নিলোৎপল বৰঠাকুৰ, সহযোগী কৃষি গৱেষণা সঞ্চালক ড৹ মৃণাল শইকীয়া প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ বিভাগীয় মুৰব্বীসকলৰ লগতে অধ্যাপক-অধ্যাপিকা, গৱেষক বিজ্ঞানী আৰু শিক্ষাৰ্থীসকলো উপস্থিত থাকে ।

লগতে পঢ়ক : Ali Aaye Ligang as state holiday: আলি আয়ে লৃগাঙৰ দিনটোক ৰাজ্যিক বন্ধ ঘোষণাৰ দাবী TMPK ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.