যোৰহাট, 22 আগষ্ট : "বিগত সময়চোৱাত পৰিবৰ্তনৰ ঢাক ঢোল বজোৱা বিজেপি চৰকাৰে মাথোঁ ৰাজনৈতিক স্বাৰ্থত বৃহত্তৰ চাহ জনগোষ্ঠীক ব্যৱহাৰ কৰি আহিছে। প্ৰকৃতাৰ্থত চৰকাৰে নিবিচাৰে চাহ জনগোষ্ঠীৰ উন্নয়ন।" এই দাবী অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ।
অসম চাহ নিগমৰ অধীনস্থ চাহ বাগিচা সমুহৰ স্থায়ী শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমুহ সমাধান কৰা দাবীত সোমবাৰে যোৰহাট চিনামৰা চাহ বাগিচাৰ কলঘৰৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ।
দীৰ্ঘদিনীয়া দাবী পূৰণ নকৰিলে চাহ নিগমৰ বাগিছা বন্ধ কৰাৰ হুংকাৰ আটছাৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে জনোৱা দাবীসমূহ ক্ৰমে চাহ শ্ৰমিকৰ দৈনিক মজুৰি লগতে দেওবাৰৰ ছুটীসহ ৩৫১ টকালৈ বৃদ্ধি কৰা, অসম চাহ নিগমৰ চাহ শ্ৰমিকৰ সম্পূৰ্ণ ভূমিৰ অধিকাৰ প্ৰদান কৰা, বদলি সুত্ৰে লাভ কৰা শ্ৰমিকৰ কাম স্হায়ীকৰণ কৰা, চাহ নিগমৰ অধীনস্থ চাহ শ্ৰমিকৰ ন্যায প্ৰাপ্ত, পি এফ, গ্ৰেচুইটিৰ ধন সম্পূৰ্ণ ৰূপে আদায় দিয়া, অন্য চাহ বাগিছাৰ শ্ৰমিকৰ দৰে চাহ নিগমৰ ৰেচন প্ৰদান কৰা, উন্নত মানদণ্ডৰ চিকিৎসাৰ ব্যৱস্থা কৰা, বাগিছাৰ লাইনৰ পথ, উপ-পথসমূহ নিৰ্মাণ কৰাৰ লগতে বাগিচা সমুহত শিক্ষিত নিবনুৱাক সংস্থাপন দিয়া ৷
দীৰ্ঘদিনীয়া দাবী পূৰণ নকৰিলে চাহ নিগমৰ বাগিছা বন্ধ কৰাৰ হুংকাৰ আটছাৰ উল্লেখ্য যে, যোৰহাট চিনামৰা চাহ বাগিছাৰ কলঘৰৰ সন্মুখত প্ৰায় চাৰি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদস্থলীৰ পৰা আগন্তুক নিৰ্বাচনৰ আগতে এই দাবী সমূহ পুৰণ নকৰিলে চাহ নিগমৰ ১৪ খনকৈ বাগিচা বন্ধ কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে আটছাই ।
লগতে পঢ়ক : বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত অগ্নিকাণ্ড