ETV Bharat / state

Sankardev Sangha Controversy: শংকৰ সংঘৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব আটাছুৱে

শংকৰ সংঘৰ মূল সমিতিৰ বিৰুদ্ধে গোচৰ ৰজু প্ৰস্তাৱ টাই আহোম ছাত্র সন্থাৰ(Legal action against Shankar Sangha) ৷ চকলং প্ৰথাৰে অনুষ্ঠিত কৰা বিবাহত অংশগ্ৰহণ কৰিবলৈ গৈ সমাজচ্যুত হৈছিল মৰিয়নি চাৰিটা পৰিয়াল(Family expelled by Sankardev Sangha) ৷

Sankardev Sangha Controversy
শংকৰ সংঘ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব আটাছুৱে
author img

By

Published : Oct 26, 2022, 9:19 PM IST

যোৰহাট, ২৬ অক্টোবৰ: পৱিত্ৰ চকলঙক অপমান কৰাৰ অভিযোগ তুলি শংকৰ সংঘৰ মূল সমিতিৰ বিৰুদ্ধে গোচৰ ৰজু কৰা প্ৰস্তাৱ গ্ৰহণ কৰিছে টাই আহোম ছাত্র সন্থাই(AATASU reacted on Sankardev Sangha decision) ৷ মৰিয়নিৰ নকচাৰীত আহোম সমাজ ব্যৱস্থা পৰম্পৰাগত চকলং ৰীতি-নীতিৰে সম্পন্ন হোৱা এখন বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি সমাজচ্যুত হ'বলগীয়া হৈছিল মৰিয়নি লাহিং লাহদৈগড় মৰাণ গাঁৱৰ লক্ষী গগৈৰ পৰিয়ালৰ লগতে নকচাৰিৰ চাৰিটা পৰিয়ালকৈ ।

শংকৰ সংঘ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব আটাছুৱে

টাই আহোম সমাজ ব্যৱস্থা পৰম্পৰাগত চকলং ৰীতি নীতিৰে সম্পন্ন বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবেই সমাজচ্যুত হোৱাৰ লগতে পৰিয়ালকেইটা শুদ্ধিকৰণ হ’বলগীয়া হৈছিল ৷ শংকৰ সংঘৰ এই অবিবেচক কৰ্ম-কাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে(Sankardev Sangha Morioni controversy) । সংঘৰ এই কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে টাই আহোম ছাত্র সন্থা লগতে আহোম সমাজ ।

পৱিত্ৰ চকলঙক অপমান কৰা শংকৰ সংঘৰ ধৰ্মীয় ভণ্ডামিৰ বিৰুদ্ধে বুধবাৰে যোৰহাট জিলাৰ জয়া ভৱনত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে টাই আহোম ছাত্র সন্থাই । এই ৰাজহুৱা সভাত বিভিন্ন সংগঠনৰ লগতে আহোম সমাজৰ বিভিন্ন ব্যক্তি উপস্থিত থাকি শংকৰ সংঘৰ এই কাৰ্যৰ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে ৷

এই ৰাজহুৱা সভাই শংকৰ সংঘৰ কৰ্মকাণ্ডক গৰিহণা দিয়াৰ লগতে সংঘৰ মূল সমিতিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ তেওঁলোকে এই ঘটনাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ ইয়াৰ লগতে শংকৰ সংঘত থকা আহোম সমাজৰ লোকসকলক ওলাই আহিবলৈ আহ্বান জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

উল্লেখ্য, সময়ে সময়ে শংকৰদেৱ সংঘ এনে ধৰণৰ বিৰ্তকৰ মাজত সোমাই আহিছে । ইতিমধ্যে এনে বহু ঘটনা ঘটিছে যাৰ বাবে শংকৰ সংঘ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে । শংকৰদেৱৰ উদাৰ নীতিক ভৰিৰে মোহাৰি শংকৰ সংঘৰ কেতবোৰ পাবত গজা নেতাই শংকৰদেৱৰ সমগ্ৰ আদৰ্শ নীতিকে ভৰিৰে মোহাৰি আহিছে ।

'কুকুৰ শৃগাল গৰ্দভৰো আত্মা ৰাম' বুলি শংকৰদেৱে যি মহান আদৰ্শৰ বাণী দি থৈ গৈছে তাকো যেন কেৰেপ নকৰে এইসকল শংকৰ সংঘৰ বিষয়ববীয়াই । যাৰ বাবে সময়ে সময়ে বিতৰ্কৰ কেন্দ্ৰবিন্দুত সোমাই পৰাৰ লগতে শংকৰ সংঘৰ নীতি-আদৰ্শক লৈও প্ৰশ্ন উত্থাপন হৈ আহিছে । ইতিমধ্যে গাহৰি, কুকুৰা পোহাৰ বাবেই শংকৰ সংঘই কেইবাজনো লোকক সমাজ ব্যৱস্থাৰ পৰা এঘৰীয়া কৰাৰ উদাহৰণ আছে । কিন্তু লক্ষণীয় কথা এইটোৱে যে শংকৰদেৱ সংঘৰ পদাধিকাৰজনেই আহোম জনগোষ্ঠীৰ ।

লগতে পঢ়ক: Miya museum controversy: নলবাৰী আদালতত হাজিৰ মহৰ আলী, আব্দুল বাতেন আৰু তনু ধাদুমীয়াক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.