ETV Bharat / state

চিকিৎসক আক্ৰমণ ঘটনাৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ

হোজাই জিলাত সংঘটিত চিকিৎসক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বহু দল-সংগঠন । দোষীক কৰায়ত্ত কৰি উচিত শাস্তিৰ দাবীত যোৰহাট জিলাত চিকিৎসক আৰু আছুৰ প্ৰতিবাদ ।

aasu protest
চিকিৎসক আক্ৰমণ ঘটনাৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ
author img

By

Published : Jun 2, 2021, 6:25 PM IST

যোৰহাট, ২ জুন : হোজাইৰ চিকিৎসকক আক্ৰমণৰ ঘটনাই এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিভিন্ন দল-সংগঠনে ঘটনাক গৰিহণা দি প্ৰতিবাদ সাব্যস্ত কৰিছে । কৰ'ণা মহামাৰীৰ সময়ত মানৱ সেৱাত জড়িত চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে যোৰহাট জিলাতো প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

চিকিৎসক আক্ৰমণ ঘটনাৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ

ঘটনাৰ উচিত তদন্ত আৰু আক্ৰমণকাৰীৰ শাস্তিৰ দাবীত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত কনিষ্ঠ-জ্যেষ্ঠ চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰে । সমান্তৰালকৈ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ক'ভিড প্ৰট’কল পালন কৰি সদৌ অসম ছাত্ৰ সন্থায়ো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

আনহাতে, ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ লগতে সদৌ অসম ছাত্র সন্থাৰ যোৰহাট জিলা সমিতিয়ে প্ৰতিবাদস্থলীৰ পৰাই গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী গৰাকীক চিকিৎসকৰ সুৰক্ষাৰ বাবে এক কঠোৰ আইন প্ৰণয়নৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক:কাৰ্বি শান্তি চুক্তি সাজু: বাঢ়িব কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ আসনৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.