যোৰহাট, 11 আগষ্ট : কৰ‘ণা মহামাৰীৰ ফলত চলি থকা লক ডাউনে ব্যাপক ভাৱে প্ৰভাৱ পেলাইছে শিক্ষাক্ষেত্ৰত । বিশেষকৈ অন লাইন প্ৰক্ৰিয়াৰে নামভৰ্তি চলি থকা বিভিন্ন মহাবিদ্যালয়ত এতিয়াও বহু ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্ত্তি সম্পন্ন কৰিবলৈ সক্ষম হোৱা নাই । বিশেষকৈ যোৰহাটৰ দুখনকৈ মহাবিদ্যালয় ক্ৰমে বাহনা মহাবিদ্যালয় আৰু যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক শ্ৰেণীত আসনৰ অভাৱত শতাধিক ছাত্র ছাত্ৰীয়ে নামভৰ্ত্তিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । দুয়োখন মহাবিদ্যালয়তে চাৰি শতাধিক ছাত্র ছাত্ৰীয়ে নামভৰ্ত্তিৰ বাবে আবেদন কৰাৰ বিপৰীতে প্ৰতিখন মহাবিদ্যালয়ত ১৫০ জনকৈ শিক্ষাৰ্থীৰ বাবে আসনৰ ব্যৱস্থা আছে । বৰ্তমান আসনৰ অভাৱত প্ৰতিখন মহাবিদ্যালয়তে প্ৰায় দুই শতাধিকৰ অধিক ছাত্র ছাত্ৰীয়ে নামভৰ্ত্তিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব লগা অৱস্থাৰ সৃষ্টি হৈছে । ইয়াৰ ফলত ছাত্র ছাত্ৰী সকলৰ শৈক্ষিক জীৱনলৈ অন্ধকাৰ নামি আহিছে ।
সদৌ অসম ছাত্র সন্থাৰ পূৱ যোৰহাট সমিতিয়ে মঙলবাৰে মহাবিদ্যালয় দুয়োখনত আসনৰ সংখ্যা বৃদ্ধিৰ দাবীত ভোগদৈ দলঙৰ ওপৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
![aasu protest for education systems](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-11aug-aasu-protest-for-education-systems-vis-byte-7203853_11082020123321_1108f_00760_874.jpg)
প্ৰতিবাদকাৰী সকলে যোৰহাট জিলা প্ৰশাসনৰ লগতে শিক্ষা বিভাগক অতিশীয্ৰে এই সীমিত আসন সমূহ বৃদ্ধি কৰি ছাত্র ছাত্ৰী সকলৰ শৈক্ষিক জীৱন ৰক্ষা কৰিবলৈ দাবী জনায়।
লগতে পঢ়ক : গোৱাত সুৰংগৰ দেৱাল খহি ব্যাহত ৰে’লসেৱা