ETV Bharat / state

Talent hunt exam: যোৰহাট আছুৰ প্ৰজ্ঞা অন্বেষণ প্ৰতিভা সন্ধানী পৰীক্ষা - Educational programme of AASU in Jorhat

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থ‍াৰ শৈক্ষিক কৰ্মসূচীৰ অধীনত আজি অনুষ্ঠিত হ'ল প্ৰতিভা সন্ধানী পৰীক্ষা (Talent hunt exam in Jorhat) । জিলাখনৰ ২৫০০ গৰাকী শিক্ষাৰ্থীয়ে এই পৰীক্ষাত অংশগ্ৰহণ কৰে । এই বিষয়ে সদৰি কৰিছে যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুন মণি ভূঞাই ।

Educational programme of AASU in Jorhat
প্ৰতিভা সন্ধানী পৰীক্ষা যোৰহাট আছুৰ
author img

By

Published : Jan 30, 2023, 7:38 PM IST

প্ৰতিভা সন্ধানী পৰীক্ষা যোৰহাট আছুৰ

যোৰহাট, ৩০ জানুৱাৰী: যোৰহাটত অনুষ্ঠিত হোৱা প্ৰজ্ঞা অন্বেষণ প্ৰতিভা সন্ধানী পৰীক্ষাত অৱৰ্তীণ হ'ল ২৫০০ গৰাকী শিক্ষাৰ্থী (Talent Hunt Test in Jorhat)। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্য়োগত আয়োজন কৰা হয় এই প্ৰজ্ঞা অন্বেষণ প্ৰতিভা সন্ধানী পৰীক্ষা (All Jorhat District Students Union)। প্ৰতিভাৰ অন্বেষণ কৰি জিলাখনৰ ছাত্ৰ-ছাত্ৰীৰসকল মাজত অনুষ্ঠিত কৰা হয় "প্ৰজ্ঞা অন্বেষণ " প্ৰতিভা সন্ধানী পৰীক্ষা । সোমবাৰে যোৰহাট জিলাৰ ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ লগতে জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানত অনুষ্ঠিত হয় উক্ত পৰীক্ষা ।

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থ‍াৰ শৈক্ষিক কৰ্মসূচীৰ আধাৰত যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত গাইডেঞ্চ তথ্য আৰু পৰামৰ্শ কেন্দ্ৰৰ সহযোগত আয়োজন কৰা "প্ৰজ্ঞা অন্বেষণ "প্ৰতিভা সন্ধানী পৰীক্ষা আজি অনুষ্ঠিত হয় (Talent Hunt Test of AASU in Jorhat)। জিলাখনৰ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্য়ালয়ৰ লগতে কেইবাটাও কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয় ।

জিলাখনত অনুষ্ঠিত হোৱা এই প্ৰতিভা সন্ধানী পৰীক্ষাত ২৫০০গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হয় । এই প্ৰতিভা সন্ধানী পৰীক্ষাত বিজয়ীসকলক নগদ ধনৰে পুৰস্কৃত কৰা হ'ব বুলি উল্লেখ কৰে যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুন মণি ভূঞাই (Talent search examination in Jorhat)। "প্ৰজ্ঞা অন্বেষণ"প্ৰতিভা সন্ধানী পৰীক্ষা তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছে ।

উল্লেখযোগ্য যে, যোৰহাট জিলা ছাত্র সন্থাই বিগত সময়ৰ পৰাই শৈক্ষিক ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে (Educational programme of AASU in Jorhat)। চৰকাৰী নিযুক্তিৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে ছাত্র-ছাত্রীসকলক উপযুক্ত ৰূপত গঢ়ি তুলিবৰ বাবে উন্নতমানৰ প্ৰশিক্ষক জৰিয়তে পাঠদান ব্যৱস্থা কৰি আহিছে । যোৰহাট জিলা ছাত্ৰ সন্থাই আয়োজন কৰা প্ৰতিযোগিতামূলক পাঠদান তথা পৰীক্ষাই বহু শিক্ষাৰ্থীৰ কৰ্ম সংস্থাপনৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে । আছুৱে গ্ৰহণ কৰি অহা পদক্ষেপক ৰাইজে প্ৰশংসা কৰিছে ।

লগতে পঢ়ক:Balisatra Rajohua Sobah Mahutsav: কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বালিসত্ৰ ৰাজহুৱা সবাহ মহোৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.