তিতাবৰ, ছেপ্টেম্বৰ 24 : তিতাবৰত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা ৷ বিদ্যালয়ৰ ভিতৰতে এজন ছাত্ৰই বুকুত হানি আহত কৰিলে আন এজন ছাত্ৰক ৷ ল'ৰা ধেমালিৰ ভয়ংকৰ পৰিণতিত জীৱন আৰু মৃত্যুৰে যুঁজিছে এজনে ৷
তিতাবৰৰ বেকাজান উচ্চ ইংৰাজী বিদ্যালয়ত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা ৷ মঙলবাৰে দিনৰ প্ৰায় 1.30 বজাত বিদ্যালয়খনৰ দুজন ছাত্ৰৰ মাজত সূত্ৰপাত কাজিয়াৰ ৷ তাৰ মাজতেই এজন ছাত্ৰই চোকা অস্ত্ৰৰে আঘাত কৰে বিকাশ যাদব নামৰ ছাত্ৰজনক ৷ ততাতৈয়াকৈ আহত ছাত্ৰজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অৱস্থা সংকটজনক হোৱাত ডিব্ৰুগড়লৈ স্থানান্তৰ কৰা হয় ৷ আনহাতে, এই ঘটনা সংঘটিত কৰা ছাত্ৰজনক বৰহোলা আৰক্ষীয়ে আটক কৰাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ 325 আৰু 307 ধাৰাৰ অধীনত ৰুজু কৰিছে এটা গোচৰ ৷
সাংবাদিকৰ আগত অভিযুক্ত ছাত্ৰজনে কাঠপেঞ্চিলেৰে বিকাশক আঘাত কৰা বুলি জানিবলৈ দিছে যদিও একাংশ প্ৰত্যক্ষদৰ্শীৰ মতে চুৰীৰে আঘাত কৰিছিল ছাত্ৰজনক ৷