ETV Bharat / state

কাল ক'ৰণাই প্ৰাণ ল'লে যোৰহাটৰ ক্ৰীড়া সংগঠকৰ - a sport organizer in jorhat died due to corona

কন্ঠশিল্পী ভিটালী দাসৰ মৃত্যুৰ পাচতে কাল ক'ৰণাই ডিব্ৰুগড়ত প্ৰাণ ল'লে এজন ক্ৰীড়া সংগঠকৰ ৷ যোৰহাটৰ নিৱাসী তথা এগৰাকী বেডমিণ্টন খেলুৱৈ সীমান্ত বুঢ়াগোহাঁইৰ মৃত্যুত সমগ্ৰ অঞ্চলত শোকৰ ছাঁ ৷

CORONA takes life in Jorhat sports organiser
যোৰহাটত কাল ক'ৰণাই প্ৰাণ ল'লে ক্ৰীড়া সংগঠকৰ
author img

By

Published : Apr 23, 2021, 10:17 AM IST

যোৰহাট, 23 এপ্ৰিল: সমগ্ৰ দেশতে মহামাৰীয়ে লৈছে কালৰূপ ৷ চৌদিশে মাথো মৃত্যুৰ কিৰিলি ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ'ণাই বহুজনৰ প্ৰাণ কাঢ়ি নিছে ৷ কন্ঠশিল্পী ভিটালী দাসৰ মৃত্যুৰ পাচতে ডিব্ৰুগড়তো কাল ক'ৰণাই প্ৰাণ ল'লে এজন ক্ৰীড়া সংগঠকৰ ৷ যোৰহাটৰ নিৱাসী সীমান্ত বুঢ়াগোহাঁই বেডমিণ্টন খেলুৱৈ গৰাকী ক'ৰণাত আক্ৰান্ত হোৱাৰ পাচতে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও শুকুৰবাৰে চিকিৎসাধীন অৱস্থাতে নামৰ 45 বছৰীয়া খেলুৱৈ গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷

ক্ৰীড়া সংগঠক গৰাকীৰ অকাল মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলটোৰ লগতে জিলাখনত পৰিছে শোকৰ ছাঁ ৷ এগৰাকী খেলুৱৈক অকালতে হেৰুৱাই শোকত ভাগি পৰিছে জিলা ক্ৰীড়া বিভাগৰ লগতে যোৰহাট জিলা বেডমিণ্টন সন্থাৰ বিষয়ববীয়া সকল ৷ মৃত্যুৰ সময়ত খেলুৱৈ গৰাকীয়ে মাতৃ,পত্নী আৰু ভগ্নীক সংসাৰত এৰি থৈ যায় ৷

লগতে পঢ়ক: লক ডাউনৰ পৰিৱেশ সৃষ্টি নকৰিবলৈ ৰাইজক আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.