ETV Bharat / state

Baby girl killed by father: স্বামী স্ত্ৰীৰ কাজিয়াৰ পৰিণতিত প্ৰাণ গ’ল এমহীয়া কন্যা শিশুৰ

স্বামী-স্ত্ৰীৰ কাজিয়াত প্ৰাণ গ’ল এমহীয়া শিশুৰ (One month old child died due to domestic violence)৷ সুৰাৰ ৰাগিত মাতাল হৈ পিতৃয়ে শিশুটিক পেলাই দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ কেৱল ইমানেই তাৰ পিছত ঘৰৰ সমীপতে পুতি থয় মৃতদেহ ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত আটক কৰিছে পিতৃ-মাতৃক (Police arrested parents of death child) ৷

author img

By

Published : Jan 12, 2023, 1:32 PM IST

Updated : Jan 12, 2023, 2:29 PM IST

A one month old girl died in fight between mother and father in Jorhat
চেঙেলীগাঁৱত শিহৰণকাৰী ঘটনা
চেঙেলীগাঁৱত শিহৰণকাৰী ঘটনা

যোৰহাট, 12 জানুৱাৰী: যোৰহাটৰ চেঙেলীগাঁৱত শিহৰণকাৰী ঘটনা ৷ চেঙেলীগাঁৱত এনে এক অমানৱীয় ঘটনা সংঘটিত হৈছে, যিটো শুনিলে চকু কপালত উঠিব আপোনাৰো ৷ হয়, স্বামী-স্ত্ৰীৰ কাজিয়াই প্ৰাণ কাঢ়িলে এটি নৱজাতকৰ (New born baby died due to domestic violence)৷ মানুহ কিমান কঠোৰ হ’লে সংঘটিত কৰিব পাৰে এনে জঘন্য কাণ্ড সেয়া কম আজিৰ এই প্ৰতিবেদনত ৷

ঘটনা যোৰহাটৰ ভোগদৈ থানাৰ অন্তৰ্গত চেঙেলী গাঁৱৰ এক নং উপপথৰ ৷ তিনিদিন পূৰ্বে অৰ্থাৎ মঙলবাৰে স্বামী পংকজ ডেকা আৰু পত্নী বৰ্ণালী ডেকাৰ মাজত সংঘটিত হৈছিল তুমুল কাজিয়া (Husband wife domestic quarrel) ৷ স্থানীয় ৰাইজৰ অভিযোগ প্ৰায় প্ৰতিদিনেই স্বামী-স্ত্ৰীয়ে সুৰাপান কৰিলে কাজিয়া কৰে ৷ প্ৰতিদিনাৰ দৰে সেইদিনাই সুৰাৰ ৰাগিত মাতাল হৈ দুয়ো লিপ্ত হৈছিল তুমুল কাজিয়াত ৷ কিন্তু সেই সময়ত যেন দুয়োয়ে পাহৰি পেলাইছিল দুয়োৰে যেন আছে এটি এমহীয়া কন্যা সন্তান (Baby girl killed by father in Jorhat) ৷

স্থানীয় ৰাইজে অভিযোগ কৰা মতে সুৰাৰ ৰাগিত মাতাল হৈ কাজিয়াৰ মাজতে পংকজ ডেকা নিজ কন্যা সন্তানটিক দলিয়াই দিয়ে ৷ কিন্তু সৌভাগ্যক্ৰমে সেই সময়ত কাজিয়াত উপস্থিত আছিল স্থানীয় এজন যুৱক ৷ যুৱকজনে শিশুটিক দলিয়াই দিয়াৰ সময়ত কেনেবাকৈ সাবটি ধৰি প্ৰাণ ৰক্ষা কৰে যদিও দলিয়াই দিয়াৰ ফলত যথেষ্ট আঘাত পাইছিল শিশুটিয়ে ৷ তাৰ পিছতেই শিশুটিৰ নাকৰ পৰা তেজ ওলোৱা আৰম্ভ কৰে ৷

পৰবৰ্তী সময়ত আঘাতপ্ৰাপ্ত অৱস্থাত শিশুটিক যোৰহাট মেডিকেল কলেজলৈ নিয়া হয় ৷ কিন্তু দুৰ্ভাগ্যবশতঃ শিশুটিয়ে অকাল মৃত্যুক সাৱটি লয়(One month old child died due to domestic violence) ৷

ইয়াৰ পিছত মনে মনে পিতৃ-মাতৃয়ে ঘৰৰ সমীপতে সমাধিস্থ কৰে সন্তানটিক ৷ ইফালে এই ঘটনা সন্দৰ্ভত কোনো অজ্ঞাত ব্যক্তিয়ে আৰক্ষীক খবৰ দিয়ে ৷ খবৰৰ পোৱাৰ লগে লগেই আৰক্ষী আহি উপস্থিত হয় সেই স্থানত ৷ লগে লগে সোধ-পোছৰ বাবে থানালৈ লৈ যায় স্বামী-স্ত্ৰীক ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

হয়, এয়া আছিল পাৰিবাৰিক সংঘাতৰ এক ভয়ংকৰ পৰিণতি ৷ ইতিমধ্যে আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ৷

লগতে পঢ়ক: Gas cylinder leak in Panipat: হাৰিয়ানাত চিলিণ্ডাৰ বিস্ফোৰণ, অগ্নিদগ্ধ হৈ মৃত্যু ৬ গৰাকী লোকৰ

Last Updated : Jan 12, 2023, 2:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.