ETV Bharat / state

মৰিয়নীত তিনিখন ৰে'লযোগে উপস্থিত বহিঃৰাজ্যৰ 58 গৰাকী যাত্ৰী

মৰিয়নী জংচনত শুকুৰবাৰে তিনিখনকৈ ৰে'লত আহি উপস্থিত হয় বহিঃৰাজ্যৰ 58 গৰাকী যাত্ৰী । যাত্ৰীসকলক আদৰাৰ বাবে জংচনত উপস্থিত থাকে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ।

author img

By

Published : May 29, 2020, 3:50 PM IST

58 passengers land at Mariyani Junction on friday
মৰিয়নীত তিনিখন ৰে'লযোগে উপস্থিত বহিঃৰাজ্যৰ 58 গৰাকী যাত্ৰী

মৰিয়নী, 29 মেঃ বিগত প্ৰায় 16 দিন ধৰি বহিঃৰাজ্যত আবদ্ধ অসমৰ লোকসকল ৰে'লযোগে আহি উপস্থিত হৈছে ৰাজ্যত । একেদৰে মৰিয়নী জংচনতো শুকুৰবাৰে তিনিখনকৈ ৰে'লত আহি উপস্থিত হয় বহিঃৰাজ্যৰ 58 গৰাকী যাত্ৰী । বিজয়ৱাড়া-তিনিচুকীয়া বিশেষ ৰে'লখনৰ পৰা মৰিয়নী জংচনত নামে 14 জন যাত্ৰী । ইয়াৰে 12 জন যাত্ৰী যোৰহাটৰ, 1 জন শিৱসাগৰ আৰু 1 জন কাৰ্বি আংলঙৰ । আনহাতে, দিল্লী আৰু ডিব্ৰুগড় বিশেষ ৰাজধানী ৰে'লেৰে উপস্থিত হয় 27 জন যাত্ৰী ইয়াৰ উপৰিও কোয়েম্বটুৰ-তিনিচুকীয়া বিশেষ শ্ৰমিক ৰে'লযোগে উপস্থিত হয় 13 জনকৈ যাত্ৰী । মৰিয়নী জংচনত আটাইকেইগৰাকী যাত্ৰীৰে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় যদিও এজনো যাত্ৰীৰ দেহত ধৰা নপৰে কোভিড 19ৰ কোনো লক্ষণ । ইয়াৰ পিছতে যাত্ৰীসকলক জিলা প্ৰশাসনে নিজ নিজ গৃহ জিলাত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰে ।

আনহাতে, যাত্ৰীসকলক আদৰাৰ বাবে জংচনত উপস্থিত থাকে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী । ৰে'লসমূহৰ সময়সূচী সঘনে সলনি হোৱাত ৰে'লসমূহ নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ গন্তব্য স্থানত উপস্থিত হৈছে । ইয়াৰ ফলত যাত্ৰী সকলৰ সুৰক্ষা, চিকিৎসা বা অন্যান্য সেৱাত জড়িত লোকসকল 15ৰ পৰা 20 ঘন্টালৈকে লঘোণে ভোকে কৰ্মত নিয়োজিত হৈ থাকিবলগীয়া হৈছে । সেয়েহে এই কৰ্মীসমূহৰ বাবে লঘু আহাৰ যোগান ধৰাৰ বাবে জিলা প্ৰশাসনক আহ্বান জনায় বিধায়ক গৰাকীয়ে । লগতে যোৰহাট জিলাৰ একমাত্ৰ জংচন মৰিয়নী হোৱা বাবে তিতাবৰ, যোৰহাট আৰু টীয়ক সমষ্টিৰ যাত্ৰীসকল ইয়াতে নামিবলগীয়া হয় ।

লগতে পঢ়ক-ডিব্ৰুগড়ত আইইডি বিস্ফোৰণৰ বাবে সাজু বোমা বিশেষজ্ঞৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.