ETV Bharat / state

সান্ধ্য আইন ভংগ কৰি আৰক্ষীৰ জালত 4 যুৱক - ক'ভিড প্ৰট'কল

একাংশ অচেতন লোকে ভংগ কৰি আহিছে চৰকাৰী সকলো নীতি-নিৰ্দেশনা ৷ মঙলবাৰে নিশা ডিচিবি কলেজৰ সন্মুখত সান্ধ্য আইন ভংগ কৰি যোৰহাট আৰক্ষীৰ জালত পৰিল চাৰি যুৱক ৷ যুৱককেইজন ক্ৰমে চাৰফাজ হুছেইন, গৌতম বৰা, নুপুৰ গগৈ আৰু ৰোহন ঘোষ ৷

4 youths in police custody for breaking curfew
সান্ধ্য আইন ভংগ কৰি আৰক্ষীৰ জালত 4 যুৱক
author img

By

Published : Jun 23, 2021, 12:39 PM IST

Updated : Jun 23, 2021, 1:08 PM IST

যোৰহাট, 23 জুন : ৰাজ্যজুৰি বলৱৎ হৈ আছে সান্ধ্য আইন ৷ মহামাৰীৰ কৱলৰ পৰা ৰাজ্যবাসীক উদ্ধাৰ কৰাৰ বাবে চৰকাৰে জাৰি কৰিছে ইটোৰ পাচত সিটো নিৰ্দেশনা ৷ কিন্তু তাৰ মাজতে একাংশ অচেতন লোকে ভংগ কৰি আহিছে চৰকাৰী সকলো নীতি-নিৰ্দেশনা ৷ মঙলবাৰে নিশা ডিচিবি কলেজৰ সন্মুখত সান্ধ্য আইন ভংগ কৰি যোৰহাট আৰক্ষী (Jorhat Police)ৰ জালত পৰিল চাৰি যুৱক ৷

আৰক্ষীয়ে জনোৱা মতে, চাৰফাজ হুছেইন, গৌতম বৰা, নুপুৰ গগৈ আৰু ৰোহন ঘোষ নামৰ চাৰি যুৱকে ডিচিবি কলেজ (GDB College)ৰ সন্মুখত AS-03-0892 নম্বৰৰ এখন বিলাসী বাহনত সুৰাপান কৰি থকাৰ লগতে উচ্চস্তৰত মিউজিক চিষ্টেম বজাই পৰিৱেশ বিনষ্ট কৰি থকাত আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে ৷ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিতে ঘটনাস্থলীত যোৰহাট আৰক্ষীৰ দল এটা উপস্থিত হৈ যুৱক চাৰিজনক আটক কৰে ৷

সান্ধ্য আইন ভংগ কৰি আৰক্ষীৰ জালত 4 যুৱক

যি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেশ তথা ৰাজ্যবাসীক কৰ'ণাৰ পৰা বচাই ৰখাৰ চেষ্টা কৰিছে তেনে সময়তে এনেদৰে একাংশ লোকে ভংগ কৰি আহিছে ক'ভিড প্ৰট'কল ৷ ইফালে, সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ৰাজ্যবাসীক প্ৰতিষেধ প্ৰদানৰ বাবে চৰকাৰে তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰিছে ৷ কিন্তু একাংশ অসচেতন লোকৰ বাবেই চিন্তিত হৈ পৰিছে বিভাগীয় কৰ্তৃপক্ষ ৷

দেশৰ প্ৰধান মন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীয়েও বাৰাম্বাৰ ৰাজ্যবাসীক সজাগ আৰু সচেতন হ'বলৈ কৈ অহাৰ পাচতো মহামাৰীৰ ভয়াৱহতাক ভেঙুচালি কৰি অহা একাংশৰ বাবে জটিল পৰিৱেশৰ সৃষ্টি হৈ আহিছে ৷ শেহতীয়াভাৱে কিছুদিনৰ পৰা আক্ৰান্তৰ হাৰ কিছু হ্ৰাস পাইছে যদিও অচেতনতাই আকৌ পূৰ্বৰ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: মাজুলীৰ ক’ভিড পৰিস্থিতি বুজ ল’লে মন্ত্ৰী বিমল বৰাই

Last Updated : Jun 23, 2021, 1:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.