ETV Bharat / state

সুখবৰঃ শীঘ্ৰেই পাকিস্তানৰ কাৰাগাৰ পৰা উভটিব অসমৰ সীমান্ত

author img

By

Published : Jan 6, 2020, 5:00 PM IST

Updated : Jan 6, 2020, 5:40 PM IST

অৱশেষত স্বদেশলৈ উভটিব পাকিস্তানত কাৰাৰুদ্ধ মেৰাপানীৰ সীমান্ত শইকীয়া । অসমৰ সীমান্তসহ আন ২০ জন ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিলে পাকিস্তান চৰকাৰে ।

পাকিস্তান
পাকিস্তানত কাৰাৰুদ্ধ ২০ জন ভাৰতীয় মাছমৰীয়াক মুকলি

যোৰহাট, 6 জানুৱাৰীঃ বিগত এটা বছৰ ধৰি পাকিস্তানত কাৰাৰুদ্ধ হৈ থকা মেৰাপানীৰ সীমান্ত শইকীয়াৰ স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ পথ প্ৰশস্ত হৈছে । পাকিস্তানত কাৰাৰুদ্ধ হৈ থকা অসমৰ সীমান্ত শইকীয়াৰ লগতে আন ২০ জনকৈ ভাৰতীয় মাছমৰীয়াক মুক্তিৰ নিৰ্দেশ পাকিস্তান বৈদেশিক মন্ত্ৰালয়ৰ । দেওবাৰে অৰ্থাৎ ৫ জানুৱাৰীত পাকিস্তান চৰকাৰে কৰাচীৰ লান্ধী কাৰাগাৰৰ পৰা মুক্তি দিয়ে সীমান্ত শইকীয়াসহ আন ২০ জন ভাৰতীয় মাছমৰীয়াক ।

পাকিস্তানত কাৰাৰুদ্ধ ২০ জন ভাৰতীয় মাছমৰীয়াক মুকলি

উল্লেখ্য যে, গুজৰাটৰ এটা মাছমৰীয়া কোম্পানীৰ জাহাজে আন্তঃৰাষ্ট্ৰীয় সাগৰীয় সীমা উলংঘনৰ অপৰাধত ২০১৮ চনৰ ২৮ অক্টোবৰত সাগৰৰ উপকূলৰ পৰা সীমান্তসহ আন ২০ জন ভাৰতীয় মাছমৰীয়াক আটক কৰিছিল পাকিস্তানী নৌ সেনাই । বিগত এটা বছৰৰো অধিক কাল পাকিস্তানৰ লান্ধী কাৰাগাৰত চৰম অনিশ্চয়তাৰে বন্দীত্বৰ জীৱন পাৰ কৰাৰ পাছত ২০২০ চনৰ আৰম্ভণিতে ভাৰত চৰকাৰৰ তৰফৰ পৰা লাভ কৰিছে এক ভাল খবৰ। ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ জৰিয়তে পাকিস্তান চৰকাৰৰ সৈতে যোগাযোগৰ অন্তত এই সু-খবৰ আহে সীমান্তৰ পৰিয়াললৈ। সীমান্ত শইকীয়াৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি,সীমান্তৰ মুক্তিৰ সন্দৰ্ভত ইতিমধ্যেই গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা যোগাযোগ কৰিছে । স্বাভাৱিকতে এই খবৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে সীমান্তৰ মুক্তিৰ বাবে আকুলতাৰে বাট চাই থকা পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গই ৷

লগতে পঢ়কঃ জে এন ইউত মুখা পৰিহিত ঘাতকৰ সন্ত্ৰাস

Intro:Big Breaking

#অৱশেষত স্বদেশলৈ ওভতিব পাকিস্তানত কাৰাৰুদ্ধ মেৰাপানীৰ সীমান্ত শইকীয়া।
অসমৰ সীমান্তসহ আন ২০ জন ভাৰতীয়কো মুক্তিৰ সিদ্ধান্ত পাকিস্তান চৰকাৰৰ।

ANCHOR INTRO: সীমান্তৰ সিপাৰে বিগত এটা বছৰ ধৰি কাৰাৰুদ্ধ হৈ থকা মেৰাপানীৰ সীমান্ত শইকীয়াৰ স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ পথ প্ৰশস্ত হৈছে। পাকিস্তানত কাৰাৰুদ্ধ হৈ থকা অসমৰ সীমান্ত শইকীয়াৰ লগতে আন ২০ জনকৈ ভাৰতীয় কাৰাবন্দীকো মুক্তিৰ নিৰ্দেশ পাকিস্তান বৈদেশিক মন্ত্ৰণালয়ৰ। কালি অৰ্থাৎ ৫ জানুৱাৰীত পাকিস্তান চৰকাৰে কৰাচীৰ লান্ধী কাৰাগাৰৰ পৰা মুক্তি দিলে সীমান্তসহ আন ২০ জন ভাৰতীয় মাছমৰীয়াক। উল্লেখ্য যে, গুজৰাটৰ এটা মাছমৰীয়া কোম্পানীৰ জাহাজে আন্তঃৰাষ্ট্ৰীয় সাগৰীয় সীমা উলংঘনৰ অপৰাধত ২০১৮ চনৰ ২৮ অক্টোবৰত সাগৰৰ উপকূলৰ পৰা সীমান্তসহ আন ২০জন ভাৰতীয় মাছমৰীয়াক আটক কৰিছিল পাকিস্তানী নৌসেনাই ।
বিগত এটা বছৰৰো অধিক কাল পাকিস্তানৰ লান্ধী কাৰাগাৰত চৰম অনিশ্চয়তাৰে বন্দীত্ব জীৱন পাৰ কৰাৰ পাছত ২০২০ চনৰ আৰম্ভণিতে ভাৰত চৰকাৰৰ তৰফৰ পৰা লাভ কৰিছে এক ভাল খবৰ। ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ জৰিয়তে পাকিস্তান চৰকাৰৰ সৈতে যোগাযোগৰ অন্তত এই সু-খবৰ আহে সীমান্তৰ পৰিয়াললৈ। সীমান্তৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি সীমান্তৰ মুক্তিৰ সন্দৰ্ভত ইতিমধ্যেই গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা যোগাযোগ কৰিছে। স্বাভাৱিকতে এই খবৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে সীমান্তৰ মুক্তিৰ বাবে আকুলতাৰে বাট চাই থকা পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গBody:আজি সীমান্ত শইকীয়া পৰিয়ালে শান্তি পাইছে । Conclusion:
Last Updated : Jan 6, 2020, 5:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.