ETV Bharat / state

Fake tantrik in Jorhat: যোৰহাটত 14 টাকৈ ভুৱা তান্ত্ৰিক আটক - প্ৰৱঞ্চকৰ দল

যোৰহাটত ভুৱা তান্ত্ৰিকৰ টিঘিলঘিলনিয়ে টোপনি কাঢ়িছে সাধাৰণ লোকৰ ৷ বিভিন্ন লোকৰ পৰিচয়েৰে সাধৰণ লোকৰ ঘৰে ঘৰে সোমাই লুটপাত কৰি আহিছে ভুৱা তান্ত্ৰিকৰ দলে ৷ যোৰহাট সদৰ আৰক্ষীৰ জালত তান্ত্ৰিকৰূপী ১৪ জনীয়া প্ৰৱঞ্চকৰ দল (14 Fake tantriks detained) ৷

14 Fake tantriks detained in Jorhat
যোৰহাটত 14 টাকৈ ভুৱা তান্ত্ৰিক আটক
author img

By

Published : Mar 31, 2023, 10:55 PM IST

যোৰহাটত 14 টাকৈ ভুৱা তান্ত্ৰিক আটক

যোৰহাট, 31 মাৰ্চ: সাৱধান! ৰাজ্যত এতিয়া পিয়াপি দি ঘূৰি ফুৰিছে প্ৰৱঞ্চকৰ দল (Fake tantrik in Jorhat)। যিকোনো মুহূৰ্তত আপুনিও হ’ব পাৰে প্ৰবঞ্চনাৰ বলি ৷ নিজকে সোণ চাফা কৰা, বিভিন্ন বেমাৰৰ দৰৱ দিয়া, মালিচ দিয়া লোক বুলি পৰিচয় দিয়া এই প্ৰৱঞ্চকৰ দলৰ সদস্যসকল ভাগ ভাগ হৈ লোকৰ ঘৰে ঘৰে সোমাই ফুৰে আৰু ঘৰত প্ৰৱেশ কৰি মিহি মিহি কথাৰে প্ৰৱঞ্চনাৰ জালত পেলায় ৷

বিশেষকৈ পুৰুষসকল ঘৰৰ পৰা কামলৈ যোৱাৰ সময়ত মানুহৰ ঘৰত প্ৰৱেশ কৰে এই প্ৰবৱঞ্চকৰ দলে । মহিলাসকলৰ পুৰণি সোণৰ অলংকাৰ চাফা কৰাৰ নামত মিহি মিহি কথাৰে হাতৰ চলনাৰে অলংকাৰ লুটি উধাও হয় প্ৰৱঞ্চকৰ দল ৷ ভণ্ড প্ৰৱঞ্চকৰ দলটোৱে বিভিন্ন বেমাৰৰ দৰৱ দিয়া আৰু মালিচ দিয়াৰ নামত কঁপালত চেতনানাশক ঔষধ লগাই লুট পাত চলাই ৷

শেহতীয়াকৈ দলটোৰ বিৰুদ্ধে পুলিবৰ আৰু যোৰহাট আৰক্ষী থানাত 242/2022 U/S 420/379 IPC , যোৰহাট থানাত 159/2023U/S 420/379 IPC ,. 924/2022U/S-120(b)419/420 IPC ধাৰাত তিনিটা গোচৰ ৰজু হৈছিল। উক্ত গোচৰ ভিত্তিতে যোৰহাট সদৰ আৰক্ষী জিলাখনত শুকুৰবাৰে এক বিশেষ অভিযান চলায় ৷ এই অভিযানত যোৰহাট সদৰ আৰক্ষীয়ে তান্ত্ৰিকৰূপী ১৪ জনীয়া প্ৰৱঞ্চকৰ দল এটাক আটক কৰিবলৈ সক্ষম হয় (14 Fake tantriks detained) ৷ মৰিয়নি পৰা শুকুৰবাৰে পুৱতি নিশা গ্ৰেপ্তাৰ কৰা হয় এই দলটো ৷ যোৰহাট জিলাৰ ভিন্ন স্থানত প্ৰৱঞ্চনাৰে আ-অলংকাৰ লুটি আহিছে এই দলটোৱে ৷ দলটোত এগৰাকী মহিলাসহ ১৩ জন পুৰুষ আছে (Fake tantriks detained in Jorhat)।

ইতিমধ্যে উক্ত দলটোক জেললৈ প্ৰেৰণ কৰাৰ হ'ব বুলি আৰক্ষী অধীক্ষক মোহন লাল মিনাই মন্তব্য কৰে। ইয়াৰোপৰি আগন্তুক সময়ত এনেধৰণৰ প্ৰৱঞ্চকৰ বিৰুদ্ধে কাষৰীয়া জিলা আৰক্ষীৰ সহায় লৈ ধাৰাবাহিক অভিযান চলি থাকিব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷ লগতে সাধাৰণ লোকক এনেধৰণৰ প্ৰৱঞ্চক তান্ত্ৰিকৰ চলাহী কথাত ভুল নাযাবলৈ ৰাইজক আহ্বান জনায় আৰক্ষী অধীক্ষক গৰাকীয়ে। ইতিমধ্যে ১৪ জনীয়া দলটোক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰা হৈছে ৷ জানিব পৰা মতে দলটোৰ প্ৰায়সকল সদস্যই হোজাই লংকা আদি ঠাইৰ ৷

লগতে পঢ়ক: Howraghat Chowmin Tragedy: খাদ্যত বিষক্ৰিয়া হৈ ১২ বছৰীয়া ছাত্ৰৰ অকাল মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.