ETV Bharat / state

শনিবাৰে ধন পুৰস্কাৰ গ্ৰহণ কৰিবলৈ গুৱাহাটীমূখী যোৰহাটৰ 12 শ চাহ শ্ৰমিক

শাসকীয় দল বিজেপিয়ে হিতাধিকাৰী আঁচনিৰ জৰিয়তে আগন্তুক নিৰ্বাচনত সাধাৰণ জনতাৰ ভোট আদায় কৰাৰ কৌশল ৰচনা কৰিছে বুলি ৰাজ্যৰ সচেতন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে ধন পুৰস্কাৰ গ্ৰহণ কৰিবলৈ সাজু হৈছে যোৰহাটৰ 12 শ চাহ শ্ৰমিক ৷

author img

By

Published : Feb 5, 2021, 10:23 PM IST

1200 tea workers traveling to Guwahati form Jorhat
শনিবাৰে ধন পুৰস্কাৰ গ্ৰহণ কৰিবলৈ গুৱাহাটীমূখী যোৰহাটৰ 12 শ চাহ শ্ৰমিক

যোৰহাট, 5 ফেব্ৰুৱাৰী: শাসকীয় দল বিজেপিয়ে হিতাধিকাৰী আঁচনিৰ জৰিয়তে আগন্তুক নিৰ্বাচনত সাধাৰণ জনতাৰ ভোট আদায় কৰাৰ কৌশল ৰচনা কৰিছে বুলি ৰাজ্যৰ সচেতন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে ধন পুৰস্কাৰ গ্ৰহণ কৰিবলৈ সাজু হৈছে যোৰহাটৰ 12 শ চাহ শ্ৰমিক ৷ দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ হাতৰ পৰা অসম চাহ বাগিছা ধন পুৰস্কাৰ আঁচনিৰ অধিনত ধন পুৰস্কাৰ গ্ৰহণ কৰিবলৈ ইতিমধ্যে যোৰাহাটৰ কেইকাখনো বাগিছাৰ 12 শ হিতাধিকাৰীয়ে গুৱাহাটীমূখী যাত্ৰা আৰম্ভ কৰিছে ৷ এখন বাছৰ যোগেদি এই যাত্ৰা আৰম্ভ কৰিছে হিতাধিকাৰী সকলে ৷

উল্লেখ্য যে, 6 ফেব্ৰুৱাৰী অৰ্থাৎ কালিলৈ গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন ৷ গুৱাহাটীত উপস্থিত হৈয়ে গুৱাহাটীৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা এখন সভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ কাৰ্যসূচীৰ মতে সভাত মন্ত্ৰীগৰাকীয়ে অসম চাহ বাগিছা ধন পুৰস্কাৰ আঁচনিৰ অধিনত চাহ শ্ৰমিক সকলক তৃতীয় পৰ্যায়ত 3 হাজাৰ টকাকৈ অনুদান প্ৰদান কৰিব ৷ এই উপলক্ষে যোৰহাট জিলাৰ ৮৫ খন বাগানৰ পৰা ১২ জনকৈ মুঠ ১২ শ হিতাধিকাৰীক উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৰহাট জিলা প্ৰশাসনে সন্ধ্যা ৬ বজাত কাছাৰী ময়দানত সমবেত কৰে ৷

লগতে পঢ়ক: জে পি নাড্ডাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব কেৰালা আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.