ETV Bharat / state

UPSCত 112তম স্থান লাভ যোৰহাটৰ চীজল আগৰৱালাৰ

মঙলবাৰে ঘোষিত সৰ্বভাৰতীয় লোক সেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত স্থান লাভ কৰিছে অসমৰ মুঠ 5 গৰাকী শিক্ষাৰ্থীয়ে ৷

UPSCত 112তম স্থান লাভ যোৰহাটৰ চীজল আগৰৱালাৰ
UPSCত 112তম স্থান লাভ যোৰহাটৰ চীজল আগৰৱালাৰ
author img

By

Published : Aug 4, 2020, 8:55 PM IST

যোৰহাট, 4 আগষ্টঃ সৰ্বভাৰতীয় লোক সেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত উজলি উঠে যোৰহাটৰ ছিজল আগৰৱালা ৷ মঙলবাৰে ঘোষণা কৰা লোক সেৱা আয়োগৰ পৰীক্ষাত লাভ কৰে 112তম স্থান ৷ শিক্ষাৰ্থী গৰাকীৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে যোৰহাটবাসী ৷ চীজল যোৰহাটৰ ব্যৱসায়ী বিনোদ কুমাৰ আগৰৱালা আৰু মমতা দেৱী আগৰৱালাৰ কন্যা তথা যোৰহাটৰ চেম্বাৰ ৰোডৰ বাসিন্দা ৷

UPSCত 112তম স্থান লাভ যোৰহাটৰ চীজল আগৰৱালাৰ

ছিজলে যোৰহাটৰ কাৰ্মেল স্কুলৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈ যোৰহাটৰে আচাম ৰাইফলচ স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ দিল্লীৰ লেডী শ্ৰীৰাম কলেজৰ পৰা বি কম উত্তীৰ্ণ হয় আৰু পাচলৈ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লয় ৷ উল্লেখ্য যে, ছিজল চতুৰ্থবাৰৰ প্ৰচেষ্টাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে, মঙলবাৰে ঘোষিত সৰ্বভাৰতীয় লোক সেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত স্থান লাভ কৰিছে অসমৰ মুঠ 5 গৰাকী শিক্ষাৰ্থীয়ে ৷

লগতে পঢ়কঃ পাথাৰকান্দি মহাবিদ্যালয়ত বিজ্ঞান শাখা অন্তভূৰ্ক্ত কৰাৰ অনুমতি শিক্ষা বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.