ETV Bharat / state

কাকজানত পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত 10

author img

By

Published : Nov 29, 2020, 11:12 AM IST

কাকজানৰ কমাৰ খাটোৱালৰ সমীপত দেওবাৰে পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । মালবাহী ট্ৰাক আৰু বলৰে’ পিক আপ ভানৰ মাজত হোৱা সংঘৰ্ষত আহত দহজন ৷

10 people seriously injured in teok road accident
কাকজানত পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত 10

টীয়ক, 29 নৱেম্বৰ : যোৰহাট জিলাৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ কাকজানৰ কমাৰ খাটোৱালৰ সমীপত দেওবাৰে পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । দৰং জিলাৰ খাৰুপেটিয়াৰ পৰা মৰাণ লৈ বিলাহী কঢ়িয়াই অনা AS 04 BC 5474 নম্বৰৰ বলেৰ' পিক আপ ভানখনে খুন্দা মাৰে সন্মুখৰ পৰা আহি থকা AS 02 E 2711 নম্বৰৰ এখন মালবাহী ট্ৰাকত ৷ এই সংঘৰ্ষৰ ফলত বলেৰ'খনৰ ড্ৰাইভাৰৰ লগতে আন নজন আৰোহী গুৰুতৰভাৱে আহত হয় ।

কাকজানত পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত 10

আনহাতে দুৰ্ঘটনাগ্ৰস্ত মালবাহী ট্ৰাকখনৰ পাছে পাছে আহি থকা আন এখন মালবাহী টাটা এচি গাড়ীয়ে ট্ৰাকখনৰ পাছফালে খুন্দা মৰাত টাটা এচি গাড়ীখনৰ সন্মুখৰ অংশ সম্পূৰ্ণ বিধ্বস্ত হয় ‌। দুৰ্ঘটনাৰ ফলত বলেৰ' পিক আপ ভানখনৰ ড্ৰাইভাৰজন বহু সময় ধৰি গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ থাকে ৷ অৱশেষত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে ড্ৰাইভাৰজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: অন্ত পৰিল তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.