ETV Bharat / state

হোজাইত যুৱকৰ মৃত্যুক লৈ চাঞ্চল্য

author img

By

Published : Aug 30, 2021, 5:59 PM IST

কমল কৃষ্ণ দাস নামৰ এজন যুৱকৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে হোজাইৰ লংকাৰ বৰবহাৰ শংকৰবস্তিত । প্ৰেমিকাৰ পৰিয়ালৰ লোকে যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । হোজাই ৰে'ল আৰক্ষীৰ ভূমিকাক লৈও সন্দেহ প্ৰকাশ কৰিছে কমল কৃষ্ণৰ পৰিয়ালে ।

YOUTH DEATH CASE IN HOJAI
হোজাইত যুৱকৰ মৃত্যুক লৈ চাঞ্চল্য

হোজাই, ৩০ আগষ্ট: পৰিকল্পিত হত্যাকাণ্ড নে দুৰ্ঘটনা ! হোজাইৰ চিকাৰীগেট আৰু ধলপুখুৰী ৰে'ল লাইনত এজনৰ যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতো এতিয়া এনে বহু প্ৰশ্ন উত্থাপন হৈছে । যোৱা ২২ আগষ্টৰ নিশা হোজাইৰ চিকাৰীগেট আৰু ধলপুখুৰী ৰে'ল লাইনত লংকাৰ বৰবহাৰ শংকৰবস্তিৰ কমল কৃষ্ণ দাস নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল । আৰক্ষীয়ে এই ঘটনাক দুৰ্ঘটনা আখ্যা দিছে যদিও যুৱকজনৰ পৰিয়ালে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলিছে ।

জানিব পৰা মতে, প্ৰায় দুই বছৰ পূৰ্বে শংকৰবস্তিৰ কমল কৃষ্ণ দাসৰ ধনোৱাৰ বস্তিৰ এগৰাকী কিশোৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে । বিগত বৰ্ষত কমল কৃষ্ণ আৰু কিশোৰীগৰাকীয়ে সুখৰ সংসাৰ গঢ়াৰ আশাৰে ঘৰৰ পৰা পলাই যায় । কিন্তু তেওঁলোকে এদিন একেলগে কটোৱাৰ পাছত বিবাহৰ সঠিক বয়স নোহোৱাৰ বাবে আৰক্ষীয়ে দুয়োকে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে আঁতৰ কৰি কিশোৰীগৰাকীক ঘৰলৈ পঠিয়াই দিয়ে । আনহাতে, কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগৰ বাবেই কমল কৃষ্ণই প্ৰায় বহু দিন থাকিবলগীয়া হয় জেল হাজোতত ।

হোজাইত যুৱকৰ মৃত্যুক লৈ চাঞ্চল্য

দুয়োকে আইনৰ নীতি-নীৰ্দেশনাই আঁতৰ কৰিলে ঠিকেই; কিন্তু কমল কৃষ্ণ জেলৰ পৰা অহাৰ পিছত ফোনযোগে পুনৰ দুয়োৰে মাজত কথা-বতৰা আৰম্ভ হয় । পুনৰ পূৰ্বৰ দৰে প্ৰেমৰ সম্পৰ্ক আছিল দুয়োৰে মাজত ।

তথাপিও সকলো ঠিকেই আছিল । কিন্তু যোৱা ২২ আগষ্ট অৰ্থাৎ দেওবাৰে কমল কৃষ্ণ দাস ঘৰৰ পৰা ওলাই গৈ আৰু উভতি নাহিল । দেওবাৰে নিশা চিকাৰীগেট আৰু ধলপুখুৰী ৰে'ল লাইনত পৰিতক্ত অৱস্থাত উদ্ধাৰ হ'ল কমল কৃষ্ণৰ মৃতদেহ । মৃত্যু হোৱাৰ হোৱা দুদিনৰ পিছত মৃতদেহটো কমল কৃষ্ণৰ বুলি চিনাক্ত কৰিলে পৰিয়ালৰ লোকে ।

এতিয়া মৃত কমল কৃষ্ণৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে, কমল কৃষ্ণৰ প্ৰেয়সীৰ পৰিয়ালে তেওঁক পৰিকল্পিতভাৱে হত্যা কৰি ঘটনাটোক অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছে আৰু সেয়ে, ৰে'ল লাইনত কমল কৃষ্ণৰ মৃতদেহ পেলাই থৈ গৈছে । আনহাতে, উক্ত ঘটনা সন্দৰ্ভত, কমল কৃষ্ণৰ পৰিয়ালে, ৰে'ল আৰক্ষীক এজাহাৰ দাখিল কৰিছিল যদিও কোনো ন্যায় লাভ কৰা নাই বুলি অভিযোগ তুলিছে । আনকি, হোজাই ৰে'ল আৰক্ষীয়ে যুৱতীগৰাকীৰ পৰিয়ালৰ লগত লগ হৈ কমল কৃষ্ণৰ পৰিয়ালক এই ঘটনা সন্দৰ্ভ বুজা-বুজিৰ মাজেৰে সিদ্ধান্ত ল'বলৈ ফোনযোগে আহ্বান জনাইছে বুলি অভিযোগ উত্থাপন কৰিছে মৃত কমল কৃষ্ণৰ পৰিয়ালে ।

এফালে, কমল কৃষ্ণৰ শংকৰবস্তিস্থিত বাসগৃহত আদ্যশ্ৰাদ্ধৰ কাম চলি আছে আৰু আনফালে, যুৱতীগৰাকীৰ পৰিয়ালৰ পক্ষ লৈ হোজাই ৰে'ল আৰক্ষীয়ে দোমোজাত পেলাইছে কমল কৃষ্ণৰ পৰিয়ালক । সেয়ে, কমল কৃষ্ণৰ পৰিয়ালে আৰক্ষীৰ ওপৰত নিৰ্ভৰ নকৰি উপায়ুক্তৰ কাষ চপাৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে উক্ত ঘটনা সন্দৰ্ভত উচ্চ পদস্থ আৰক্ষী বিষয়াৰ হস্তক্ষেপ কামনা কৰিছে । উল্লেখ্য যে, কমল কৃষ্ণই যুৱতীগৰাকীক পলাই নিয়াৰ পূৰ্বে নগাঁৱৰ ৰহাৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল ।

লগতে পঢ়ক:কাজিৰঙাত বান: Time card ব্যৱস্থাৰে জীৱ-জন্তুৰ মৃত্যু নিয়ন্ত্ৰণৰ লক্ষ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.