হোজাই, 14 মে’ : পবিত্র ঈদৰ প্ৰাক্ ক্ষণত বুধবাৰে হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত উত্তৰ চামৰালি গাঁৱত সংঘটিত হৈছে জঘন্য হত্যাকাণ্ডৰ ঘটনা ৷ লাঠিৰে কোবাই কোবাই অতি নৃশংসভাৱে হত্যা কৰা হ’ল আব্দুল বাচিত নামৰ যুৱকজনক ৷ অভিযোগ মতে, আব্দুল বাচিতৰ ভাগিনীয়েকক বুধবাৰে অশ্লীল ইংগিত দিছিল স্থানীয় কেইজনমান উদণ্ড যুৱকে ৷ যাৰ বাবে মোমায়েক আব্দুল বাচিতে সোধপোচ কৰিবলৈ উদণ্ড লোককেইজনৰ কাষলৈ যায় ৷ সেই সময়তে ১৪ জনকৈ উদণ্ড লোকে লাঠিৰে কোবাই কোবাই তথা দা, ডেগাৰেৰে আক্ৰমণ কৰি হত্যা কৰে মোমায়েক আব্দুল বাচিতক ৷
ঘটনা সংক্ৰান্তত ১৪ জন লোকক অভিযুক্ত কৰি চৌধুৰী বজাৰ টহলদাৰি আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰিছে মৃত যুৱকজনৰ পৰিয়ালৰ লোকে ৷ ইফালে এই হত্যাকাণ্ডত নাম সাঙোৰ খাইছে ২ নং উত্তৰ চামৰাালি গাঁৱৰ চৰকাৰী গাঁওবুঢ়া ফইজ উদ্দিনৰ ৷ চৌধুৰীবজাৰ আৰক্ষীয়ে গাঁওবুঢ়াজনক আটক কৰি মোৰাজাৰ থানাত সোধপোচ অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ জেৰাত হত্যাত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে গাঁওবুঢ়াজনে ৷
বুধবাৰে সন্ধিয়া চৌধুৰী বজাৰ ২নং উত্তৰ চামৰালি গাঁৱত সংঘটিত হয় এই জঘন্য ঘটনা ৷ ঘটনাৰ পাচতেই অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ আৰক্ষীয়ে হত্যাৰ অভিযুক্ত সকলক আটক কৰিবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : পুনৰ ৰাষ্ট্ৰীয় ৰাজনীতিলৈ সাজু সৰ্বানন্দ সোণোৱাল