ETV Bharat / state

Man Elephant conflict: হোজাইত বন্যহস্তীৰ তাণ্ডৱ

author img

By

Published : Jun 9, 2022, 8:42 PM IST

হোজাইত বন্যহস্তীৰ উপদ্ৰৱ(Wild Elephant infestation in Hojai) ৷ দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণ(Elephants roam free in Hojai) ৷ দীৰ্ঘদিন ধৰি বহু পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি বন্যহস্তীয়ে চলাই আহিছে তাণ্ডৱ ৷ এই ক্ষেত্ৰত বনবিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷

Wild Elephant infestation in Hojai
Man Elephant conflict: হোজাইত বন্যহস্তীৰ তাণ্ডৱ

হোজাই, 9 জুন : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত (Man Elephant conflict in Assam) ৷ হাতীৰ আক্ৰমণত ৰাজ্যত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে ৷ বন বিভাগে এই সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও এই ভয়াৱহ সমস্যাৰ সমাধান নোহোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷

সমান্তৰালকৈ বন্যহস্তীৰ উপদ্ৰৱে যেন এক প্ৰকাৰে নিদ্ৰাহৰণ কৰিছে হোজাইবাসীৰ(Wild Elephant infestation in Hojai) ৷ হোজাইৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাবে এয়া এক নিত্য নৈমিত্তিক ঘটনালৈ পৰিণত হৈছে ৷ বিশেষকৈ হোজাইৰ ৰাইকাটা, কোমোৰাকটা, থেপ্লাগুৰি, নভঙা, মিলিক বস্তি আদি অঞ্চলৰ বাবে আতংকৰ আন এটি নাম হৈছে বন্যহস্তী ৷ কিয়নো এই অঞ্চলসমূহত প্ৰায়েই বন্যহস্তীৰ তাণ্ডৱ দেখিবলৈ পোৱা যায় ৷

বুধবাৰে নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা প্ৰায় ১৫০ টা হাতীৰ এটা জাকে হোজাইৰ মিলিক বস্তিত চলালে উপদ্ৰৱ । হাতীৰ জাকটোয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে ভীম প্ৰসাদ নামৰ এজন লোকৰ বাসগৃহৰ লগতে বিনষ্ট কৰে বাৰীৰ শাক-পাচলি, খেতি পথাৰো ৷ ঘটনাটোত অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰে ভীম প্ৰসাদ আৰু তেওঁৰ পৰিয়ালৰ ৷

উল্লেখ্য যে, বিগত কিছু দিনৰ পৰা বন্যহস্তীৰ এটা বৃহৎ জাকে উক্ত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা আহি হোজাইৰ বিভিন্ন অঞ্চলসমূহত প্ৰৱেশ কৰি বহু ক্ষয়-ক্ষতি কৰা পৰিলক্ষিত হৈছে ৷ ইফালে বন বিভাগৰ পৰা বন্যহস্তীৰ প্ৰৱেশত বাধা দিয়াৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : Uproar at Lumding Railway Hospital : লামডিঙৰ ৰে'লৱে চিকিৎসালয়ত উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.