ETV Bharat / state

হোজাইত মালবাহী ৰে'লৰ খুন্দাত বন্যহস্তীৰ মৃত্যু - Wild elephant hit by train in Hojai

হোজাই জিলাৰ হাৱাইপুৰত মালবাহী ৰে'লৰ খুন্দাত বন্যহস্তীৰ মৃত্যু (Wild elephant hit by train in Hojai) । ৰে'লপথৰ কাষত ভালেমান পৰ চটফটাই থকাৰ পিছত হাতীটোৱে কৰুণভাৱে মৃত্যুমুখত পৰে ।

wild elephant died after hit by train
Wild elephant killed by train in Hojai
author img

By

Published : Sep 9, 2022, 3:51 PM IST

হোজাই, ৯ ছেপ্টেম্বৰ : পশ্চিম কাৰ্বি আংলং জিলা আৰু হোজাই জিলাৰ সীমান্তৰ হাৱাইপুৰ ষ্টেচনৰ পৰা এক কিলোমিটাৰ নিলগত এখন মালবাহী ৰে'লগাড়ীয়ে বৃহস্পতিবাৰে নিশা এটা প্রকাণ্ড বন্যহস্তীক মহতিয়াই নিয়ে (Wild elephant killed by train in Hojai) । ৰে'লপথৰ কাষত ভালেমান পৰ চটফটাই থকাৰ পিছত হাতীটোৱে কৰুণভাৱে মৃত্যুমুখত পৰে ।

বনৰীয়া হাতীটোৱে খাদ্যৰ সন্ধানত হোজাই জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ (Lumding Reserve Forest) পৰা ওলাই আহি পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰ অঞ্চলত ৰে'লপথ অতিক্ৰম কৰিবলৈ লওঁতেই লামডিঙৰ পৰা লংকা অভিমুখে অহা মালবাহী ৰে'লগাড়ীখনৰ খুন্দাত হাতীটো গুৰুতৰভাৱে আহত হয় (elephant injured hit by train in Hojai) ।

হোজাইত মালবাহী ৰে'লৰ খুন্দাত বন্যহস্তীৰ মৃত্যু

উল্লেখযোগ্য যে, হস্তী ক’ৰিডৰ (Elephant Corridor) হিচাপে পূৰ্বৰে পৰা চিহ্নিত এই অঞ্চলটোৰে পাৰ হৈ যোৱা মালবাহী ৰে'লগাড়ীখন তীব্র গতিৰে আহি থকা অৱস্থাত অঞ্চলটোত কৰ্তব্যৰত বন বিভাগৰ লোকে টৰ্চেৰে সংকেত দিয়াৰ পিছতো গাড়ীখনৰ চালকে গতিবেগ হ্ৰাস কৰা নাছিল বুলি জানিবলৈ দিয়ে বন বিভাগৰ লোকে (Hojai Wild elephant killed in freight train collision) । আজি পুৱা স্থানীয় লোকে মৃত হাতীটোৰ পূজা-অৰ্চনা আগবঢ়ায় ।

বন বিভাগৰ লোকে ইতিমধ্যে ঘটনাটো সন্দৰ্ভত তদন্ত সমাপ্ত কৰি মৃত হাতীটো সমাধিস্থিত কৰাৰ ব্যৱস্থা আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : গহপুৰৰ হাতীজানত বনৰীয়া হাতীৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.