হোজাই,10 জুনঃ লংকাত সোমবাৰে পুৱাই এটা ঘৰচীয়া উন্মত্ত ম'হে সৃষ্টি কৰে তীব্ৰ আতংকৰ । লংকাৰ সমীপৱৰ্তী উদালীত ম'হটোৰ আক্ৰমণত থিতাতে নিহত হয় ৭০ বছৰীয়া সোনাবান বিবি নামৰ এগৰাকী মহিলা ৷ উদালীৰ জুঠাংবস্তিৰ হিফজুৰ ৰহমান নামৰ লোকজনৰ ঘৰচীয়া মট'হটোৱে সোমবাৰে পুৱাই বান্ধি থোৱা অৱস্থাৰ পৰা ৰচী চিঙি আহি উন্মাদ হৈ পৰে ৷ তাৰ পিচতেই উন্মাদ ম'হটোৱে ঘৰৰ ভিতৰলৈকো চোঁচা লৈ সৃষ্টি কৰিছে আতংকৰ । ম'হটোৰ আক্ৰমণত ইতিমধ্যে আহত হয় কেইবাজনো লোক ৷ ইয়াৰে চমৰুণ নেচা নামৰ মহিলাগৰাকীক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে ফইজুৰ ৰহমান নামৰ লোকজনক লংকা প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
হোজাইত উন্মত্ত ম'হৰ আক্ৰমণত নিহত মহিলা,আহত দুজন - লংকা
হোজাই জিলাৰ লংকাত পুৱাই ম'হৰ আতংক । এটা উন্মত্ত ঘৰচীয়া ম'হৰ আক্ৰমণত এগৰাকী মহিলা নিহত হোৱাৰ লগতে আহত দুজন
হোজাই,10 জুনঃ লংকাত সোমবাৰে পুৱাই এটা ঘৰচীয়া উন্মত্ত ম'হে সৃষ্টি কৰে তীব্ৰ আতংকৰ । লংকাৰ সমীপৱৰ্তী উদালীত ম'হটোৰ আক্ৰমণত থিতাতে নিহত হয় ৭০ বছৰীয়া সোনাবান বিবি নামৰ এগৰাকী মহিলা ৷ উদালীৰ জুঠাংবস্তিৰ হিফজুৰ ৰহমান নামৰ লোকজনৰ ঘৰচীয়া মট'হটোৱে সোমবাৰে পুৱাই বান্ধি থোৱা অৱস্থাৰ পৰা ৰচী চিঙি আহি উন্মাদ হৈ পৰে ৷ তাৰ পিচতেই উন্মাদ ম'হটোৱে ঘৰৰ ভিতৰলৈকো চোঁচা লৈ সৃষ্টি কৰিছে আতংকৰ । ম'হটোৰ আক্ৰমণত ইতিমধ্যে আহত হয় কেইবাজনো লোক ৷ ইয়াৰে চমৰুণ নেচা নামৰ মহিলাগৰাকীক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে ফইজুৰ ৰহমান নামৰ লোকজনক লংকা প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
লংকাত আজি সোমবাৰে পুৱায়েই এটি ঘৰচীয়া মহে তীব্ৰ আতংকৰ সৃষ্টি কৰে।লংকাৰ সমীপৱৰ্তী উদালীত মহটোৰ আক্ৰমণত থিতাতে নিহত হয় ৭০ বছৰীয়া সোনাবান বিবি নামৰ মহিলাগৰাকী।উদালীৰ জুঠাংবস্তিৰ হিফজুৰ ৰহমান নামৰ লোকজনৰ ঘৰচীয়া মহটো পুৱায়ে ঘৰৰপৰা বান্ধি থোৱা অৱস্থাত ৰচী চিগি আহি উন্মাদ হৈ পৰি যেনিয়ে যাকে যত পাই তেনিয়ে আক্ৰমণ কৰে।উন্মাদ হৈ পৰা মহটোৱে ঘৰৰ ভিতৰলৈকো চোচা লৈ সৃষ্টি কৰিচে আতংকৰ।মহটোৰ আক্ৰমণত অঞ্চলটোত ইতিমধ্যে কে'বাজনো লোক আহত হবলগা হয়।ইয়াৰে দুজন আহতক চিকিৎসালয়লৈ প্ৰেৰণ।আহত চমৰুণ নেচা নামৰ মহিলাগৰাকীক নগাঁওৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে ফইজুৰ ৰহমান নামৰ লোকজনক লংকা প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈছে যদিও বৰ্তমানেও উন্মত্ত হৈ পৰা মহটোক ধৰিব পৰা নাই।
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam